(এক)
খঙত টিঙিৰিতুলা অগ্নিকন্যা মমতা বংগৰ ললনা
খঙত টিঙিৰিতুলা অগ্নিকন্যা মমতা বংগৰ ললনা
শূৰ্পনখা বেশ লৈ আহিছিল কৰিবলৈ অসমীয়াক চলনা৷
আছিল ভোটৰ মস্ত অংক
খেদা খাই হ'ল জংকপংক,
কঁটা নাক ঢাকি অসমীয়াৰ কৰি আছে কুৎসাৰটনা৷
(দুই)
হাবিৰ বাঘ চাব খোজা যদি বিড়ালীকে চাবা
সাগৰ যদি দেখা নাই অনিল নগৰলৈ যাবা৷
নগৰ নৱীন বানত প্ৰবীন
নাযায় নুপুৱায় দুখৰ দিন,
স্মাৰ্টচিটিৰ উদাহৰণ দিব খুজিলে যোৰাবাটত পাবা৷
(তিনি)
'বিৰহে আকুলপ্ৰাণ' তৰুণ দাইটিৰ বিষণ্ণবদন
মানসপুত্ৰৰ জন্ম হ'ল কেও নজনালে সম্ভাষণ৷
এন আৰ চি কৰিছিল জাতিৰ প্ৰেমত
ৰাইজ অজ্ঞাত ভাবি কৰিলে বেকত,
আছু-বিজেপিৰ নামত দাইটিৰ কলিজাত হয় পীড়ন৷৷
(চাৰি)
পুতেকক লাগে পালচাৰ বাইক দামোদৰৰ নাই ধন
বোৱাৰীৰো উচ্চাকাংক্ষা বাইকত ঘূৰি ফুৰাৰ মন৷
বিপদৰ বাবেই বন্ধনগোট
ঋণগ্ৰাহী হৈ সলালে মোট,
সাপ্তাহিক ঋণ মাৰি মাৰি মাটি -ভেটি হৈছে উচন৷







