বৃদ্ধাশ্ৰম......✍ ধনমণি কলিতা

দেউতা, বৃদ্ধাশ্ৰম কি ?- ছোৱালীজনীৰ হঠাৎ কৰা প্ৰশ্নত চক খাই উঠিলো৷ বিশেষ চিন্তা নকৰাকৈ ময়ো উত্তৰ দিলো৷
- বৃদ্ধাশ্ৰম হৈছে এনুকুৱা এখন ঘৰ য'ত বহুতো বৃদ্ধ মানুহ একেলগে থাকে৷
- অামাক আইতাকো তালৈ যাবলৈ দিব নেকি৷ এইবাৰৰ প্ৰশ্নতহে মোৰ আচৰিত হোৱাৰ পাল৷