মানৱতা......✍ মায়ামণি দেৱী

কিনকিনীয়া বৰষুণৰ এটি আবেলি৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অধ্যাপিকা অদিতী শৰ্মা বৰুৱা একমাত্ৰ পুত্ৰৰ সৈ'তে ঘৰলৈ আহি আছিল৷ হঠাতে দেখিলে ৰাজপথৰ সিপাৰে এটি মানুহৰ জুম৷ গাড়ী ৰখাই মানুহৰ জুম ঠেলি ঠেলি আগবাঢ়ি গৈ কি হৈছে চাবলৈ যত্ন কৰিলে আৰি মুখেৰে ভোৰভোৰাই