বিশ্বাসৰ বাটেদি
তেওঁৰ স'তে একেলগে
খোজ কাঢ়িলো,
ভালপোৱাবোৰ তেওঁ মোৰ
হৃদয়তে আঁউজাই দিলে,
তিৰবিৰাই থকা সপোনৰ চকুযুৰিত
অগণন বাংময় সপোনবোৰ
তেওঁ মোৰ দুচকুত ঢালি দিলে৷
ময়ো ধৰি ৰাখিলো
আনন্দ উদ্দীপনাবোৰ মোৰ
ভালপোৱাৰ মাজত৷
দুচকুত আঁকি লওঁ
কৃতজ্ঞতাৰ মালাধাৰি৷
তেৱেঁ মোক চিনাকি কৰাই দিয়ে
সত্যৰ বাটেদি
মানুহ কেনেকৈ সুখী হ'ব পাৰি৷
সেয়েহে কওঁ মোৰ হৃদয়খন
তেওঁৰ হৃদয়তে ভাঁজ লৈ
থাকিব দিয়া এনেদৰেই৷
তেওঁৰ স'তে একেলগে
খোজ কাঢ়িলো,
ভালপোৱাবোৰ তেওঁ মোৰ
হৃদয়তে আঁউজাই দিলে,
তিৰবিৰাই থকা সপোনৰ চকুযুৰিত
অগণন বাংময় সপোনবোৰ
তেওঁ মোৰ দুচকুত ঢালি দিলে৷
ময়ো ধৰি ৰাখিলো
আনন্দ উদ্দীপনাবোৰ মোৰ
ভালপোৱাৰ মাজত৷
দুচকুত আঁকি লওঁ
কৃতজ্ঞতাৰ মালাধাৰি৷
তেৱেঁ মোক চিনাকি কৰাই দিয়ে
সত্যৰ বাটেদি
মানুহ কেনেকৈ সুখী হ'ব পাৰি৷
সেয়েহে কওঁ মোৰ হৃদয়খন
তেওঁৰ হৃদয়তে ভাঁজ লৈ
থাকিব দিয়া এনেদৰেই৷







