কাব্যকথা......✍ ডাঃ পংকজ কলিতা

শাওণে শাও দি যোৱা বহু পথাৰ মই দেখিছো।
দেখিছো প্ৰেমৰ হাতেৰে
মোহাৰি তচনচ কৰা গধূলিৰ গোলাপ
দেখিছো
অাত্মাৰ খুন, লুণীয়া নৈৰ ঘাট

দেখিছো
বেচা কিনা হাটত
ঢেঁকীয়ামুঠি লৈ বহাজনে
কিদৰে জীৱনক জোখে
ভোকৰ ছেণ্টি মিটাৰ ইঞ্চিৰে

বৰশীত লগা মাছে বুজে
জীৱনৰ সমান অাছে কি চুটি!
অথচ
ইচ্ছাৰ অদৃশ্য সূতাত
সিহঁতো হৈ উঠে বীৰ্যৱান

শাওণক শাও দি যোৱা বহু পথাৰ মই দেখিছো
মোৰ পূৰঠ অাঙুলি পাবত
বুৰঞ্জীৰ কিমান উত্থান কিমান পতন!