ফুৰা চকা কৰি বেয়া পোৱা ব্যক্তি হয়তো খুব কমেই ওলাব মইও সেইসকলৰ মাজৰেই এজন মাথো বাস্তৱ জীৱনৰ কৰ্মব্যস্ততাৰ তাগিদাত ঘৰৰ কাষৰেই ঠাইখনত এপাক ভূমুকি মাৰিবলৈ সময়ৰ অভাৱ আজিৰ যান্তিকতাৰ দিনত এই অজুহাতেই সকলোৰে মোখে মোখে স্থান লভিছে বাৰু এতিয়া আহো মোৰ এবেলাৰ বস্ৰনগৰী শুৱালকুচি ভ্ৰমণসূচীলৈ ।










