ফাগুনৰ পচোৱাই চৌদিশে শুকান শুকান অনুভৱ জগাই তোলে, গছ পাতবোৰৰ পত্ৰহৰিৎ নোহোৱা হৈ শুকাই পাত বোৰ সৰি পৰিছে । চাৰিওফালে মাথোঁ ধূলিৰ ধুমুহা৷ ফাগুনে আকাশত মদাৰ-শিমলু-পলাশ ফুলাই ৰাঙলী কৰে, মনবোৰ আনমনা হয়- কোমুৱা তুলাৰ দৰে উৰি ফুৰিব মন যায়। ফাগুনৰ পচোৱাৰ গাতে আউজি আহে নতুনৰ বতৰা, সেয়েহে সকলোৱে ফাগুনৰ পচোৱাক ভাল পায়, নতুনৰ সুবাস বোৱাই লৈ আহি পৃথিৱীখন লাহে লাহে সেউজীয়াৰে ভৰাই উৰ্ব্বৰা কৰি তোলে পথাৰ বোৰ৷ এই সময়ত চৌপাশে ধূলিৰে ভৰি পৰে আৰু তেতিয়াই অনুভৱ কৰো এজাক বৰষুণ৷
অ--এজাক সপোন যেন বৰষুণ !
ধোৱাই -তিয়াই যোৱাটো বিচাৰো ধৰা খন, আমাৰ মন বোৰ জীপাল কৰি যায় চঞ্চল ফাগুনৰ উতনুৱা অনুভৱবোৰে৷
বৰষুণ ----বাৰিষা
হয়তো তেতিয়াতে চেগা -চুৰুকাকৈ এজাক দুজাক মান ৰুণজুন নূপুৰ বজাই ফাগুনী পচোৱাৰ সতে সখিয়তি পাতি আহি যায় হিয়া উতনুৱা কৰি যোৱা কিনকিনীয়া বৰষুণ। তেতিয়াই কবি মনত নিগৰি আহে অনুভৱ ......
"বৰষুণ বৰষুণ তিয়াই আঁকি যোৱা
সপোনৰ বাগিচাত
সুগন্ধি নীল তমাল,
চঞ্চল বতাহ জাকৰ স'তে
ধূলিৰ ধুমুহাত পলাশিহৈ ফুলাৰ -
হেঁপাহুৱা মনত
তোমাৰ ন- বৰষুণৰ জোনাক নিগৰে
টোপালত সাৰ পায় ৰচকী
ফাগুনী ।"
ইয়াত মই ফাগুনৰ উতনুৱা বতাহ জাকৰ বা শুকান মৰুত সিঁচি যোৱা ন-বৰষুণৰ কথা কব বিচৰা নাই৷
বৰষুণ সকলো মানুহে ভাল পায়, সকলোকে সপোন আঁকি যায়৷
কবি মন বোৰত --গীতিকাৰৰ মনত আহে --এজাক বৰষুণ মানে সপোন ৰহঘৰ সজাৰ৷
অইন দেশৰ মানুহৰ বাবে এই টো খাটিলেও মানে বৰষুণে সপোন আঁকিলেও আমাৰ বাবে বিভীষিকা হৈ পৰিছে বাৰিষাৰ বৰষুণে৷
আমাৰ এই দেশৰ মানুহৰ বাবে জানোঁ
এজাক বৰষুণে সপোন সিঁচিব পাৰিব ? বৰষুণ- বাৰিষা মানে অসমৰ মানুহৰ জীৱবোৰ ধপধপাই থাকে । মানুহৰ মনবোৰত বাৰিষাৰ ত্ৰাসে গ্ৰাস কৰি থাকে৷
কাৰণ বাৰিষা মানে বৰষুণ !
বৰষুণ মানে ভয়ঙ্কৰ বানপানী !
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, ধুবুৰীৰ পৰা শদিয়ালৈ প্ৰৱল বানে গ্ৰাস কৰি থাকে গোটেই অসম খন । বানপানী যেন বৰষা ঋতুৰ এক মহোৎসৱ, যেন--"নমামি বানপানী "পতাহে হয় এই সময়ত অসমত৷
অইন নালাগে অসমৰ কেন্দ্ৰবিন্দু মহানগৰ গুৱাহাটীৰ কথাকে কোৱা যাওক৷ বাৰিষাৰ এজাক বৰষুণে মানুহৰ মনবোৰ কঁপাই তোলে। ঘৰৰ পৰা ওলাৱতে ভাব হয় যেন - আৰু ঘৰলৈ ঘূৰি আহিব পাৰিম নে নোৱাৰিম, নিজৰ আপোন বোৰক পুণৰ দেখা পাম নে নেপাম৷
বছৰ আহিব যাব --এয়া জাগতিক নিয়ম৷
যেনেদৰে জন্ম হ'লে মৃত্যু ও অনিবাৰ্য । মৃত্যু নিশ্চিত যদিও অকাল মৃত্যুক কোনেও মানি ল'ব নোৱাৰে । তেনেকুৱা অকাল মৃত্যুক কোনো শিল্পী য়েও ভাস্কাৰ্য বুলি নকয়৷
বানপানীৰ কথা ক'লে আমি সেই খিনিতে বৃত্তাকাৰৰ দৰে ঘূৰি আছো ।
"আহিছে মানুহ গৈছে মানুহ
মানুহ মায়াপী জীৱ "--- ৰ দৰে
আহিছে চৰকাৰ গৈছে চৰকাৰ --মাথো এই অসমৰ ভয়ঙ্কৰ সমস্যা বানপানীৰ সমস্যাক চকুমুদা কুলিৰ দৰে মাথো বৰমূৰীয়া স'তে দূৰৈতে চাই আশ্বাস হে দি যায় । আৰু সমস্যাবোৰ সমস্যা হৈয়ে থাকে, সমস্যা বোৰ ফাইলতে পৰি ৰ'য়৷
আচৰিত কথা যে ইমান ডাঙৰ এইটো আমাৰ দেশৰ সমস্যা, এই সমস্যা টো কোনো National New s cenneale টো দেখুওৱা নহয়৷
যদিহে আমাৰ সন্তানে নকৰা ভুলকো ডাঙৰ ইচ্ছু হিচাবে সেই চেনেলবোৰত ৰাতি পুৱাৰ পৰা ৰাতিলৈ বজাই থাকিব আৰু সেই অসমীয়া কিছু সন্তানে জোৰকৈয়ে আমাৰ দেশৰ বদনামৰ কথা বা উন্নতিৰ কথা চিন্তা নকৰি উঠি পৰি লাগে । কিয় বাৰু আমাৰ ডাঙৰ সমস্যা বোৰ নেচনেল পেক্ষাপটত উপস্থাপন নকৰে ? এতিয়া আমাৰ ভাবিবৰ হ'ল।
কিয় বাৰু চৰকাৰ বোৰে অসমৰ বানপানীৰ এই ডাঙৰ সমস্যা টোক সমস্যা বুলি নাভাবে । নে দেশৰ প্ৰজাবৃন্দৰ জীৱ বোৰৰ কোনো মূল্য নাই ! বাৰিষাৰ স'তে হাতত হাত ধৰি আহে বৰষুণ , বৰষুণ মানে আমাৰ অসমত বানৰ ত্ৰাস ।
বানৰ স'তে অসমলৈ আহে মৃত্যুৰ কিৰীলি । গুৱাহাটী মহানগৰীৰে কথা কওঁ এই সময়ত ক'ত জনৰ মৃত্যু হয় মেনহোলত পৰি বা বিজুলী বিভাগৰ অকৰ্মান্যতাত, ক'ত পিতৃ-মাতৃৰ বুকু শুদা কৰে, ক'ত জনীৰ কঁপালৰ সেন্দূৰ মচা যায়, কিমান পিতৃ হাৰা হয়৷ তথাপিও চৰকাৰে ঘেহাই থাকে ফাইলে ফাইলে এই সমস্যা টোৰ সমাধান নকৰি৷
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চাব গ'লে
এতিয়াও যোৱা বছৰ ধুৱাই নিয়া বানে মানুহ বোৰৰ
গাওঁ-পথাৰ ঠন ধৰি উঠিব পৰা নাই । এতিয়াও এই বছৰৰ বানপানীত বহু ঠাইত কিছু মানুহে মথাউৰিতে চালি এখন দি পৰি আছে, মাথো চৰকাৰৰ মুখলৈ চাই ।এদিন ভাল দিন অহাৰ আশাত । এতিয়াও ৰাজহুৱা অনুষ্ঠানবোৰত বানে ত্ৰাসৰ সৃষ্টি কৰা মানুহৰ শিবিৰ হৈয়ে আছে । সেই মানুহ বোৰৰ যেন কোনো ঠিকনা নাই, তেওঁ লোকে এক যাযাবৰী জীৱন-যাপন কৰি আছে এতিয়াও৷
অসমৰ পূজা-পৰ্বণ, বিহুৰ পৰশ তেওঁলোকৰ মনবোৰলৈ নাহে। কাতিবিহুৰ চাকি গছি জ্বলাবলৈ তেওঁ লোকৰ সেউজীয়া পথাৰ নাই, আঘোণ মাহত চোতাল তথা ভঁৰাল ভৰাবলৈ তেওঁলোকৰ সোণগুটিৰ সুবাস নাই । মাঘৰ বিহুৰ মেজি জ্বলাবলৈ তেওঁলোকৰ সোণালী ধানৰ নৰা নাই । অইনবোৰ বাৰু নকলোৱে --পিঠা-পোনা, সান্দহ আদিৰ কথাকে কওঁ --এইবোৰ উলাহ কৰি ভাজি নিজেও খোৱা লোককো খোওৱা প্ৰথা বোৰ হেৰাই গৈছে তেওঁলোকৰ হৃদয়ৰ পৰা । মাথো তেওঁলোকৰ এটায়ে চিন্তা মনৰ মাজত --কেনেকৈ তেওঁলোকৰ এটা নিৰাপত্তাপূৰ্ণ ঠিকনা হয়, আৰু পেটৰ ভোক গুচাব পৰা যায়, সেই চিন্তাতে অসমৰ খেতি প্ৰধান দেশৰ মানুহৰ অৱস্থান৷
বাৰিষা অহা মানে বানে বুৰোৱা ঠাই বোৰৰ মানুহ বোৰৰ চকুৰ টোপনি হেৰায়৷ কেতিয়া ৰাতিৰ ভিতৰতে বানে আহি উটুৱাই নিয়ে তেওঁলোকৰ সৰ্বস্বঃ । নিমিষতে সৰ্বহাৰা হৈ পৰে মানুহবোৰে৷ তাৰে লগে লগে বিদ্যালয়-কলেজ আদিৰ লগতে ইখন-ঠাইৰ পৰা সিখন ঠাইলৈও মানুহৰ অহা -যোৱা কৰাত অসুবিধা হৈ পৰে । বাট-পথ দলং বানে ঢাঁহিমুহি লৈ যায়, তাৰ ফলত মানুহৰ যাতায়ত ব্যৱস্থা দুুুৰ্গম হৈ পৰে । সেই ভঙা দলং, ভঙা বাট-পথৰ বাবেই ক'ত জনে কেনে ৰূপত মৃত্যুক আঁঁকোৱালি ল'ব লগা হয়৷
বানপীড়িত ঠাই বোৰত মানৱ সম্পদবোৰৰ আলৈ-বিলৈ হোৱাৰ লগতে পশুকূলৰো অৱস্থা তথৈ-নথৈ অৱস্থা হয়৷ ক'ত মানুহ তথা পশুকূল উটি যায় বানৰ প্ৰৱাল সোঁতত তেনেদৰে । মানৱ সম্পদ আৰু ঘৰচীয়া জন্তুবোৰৰ খোৱাৰ অভাৱ তথা নানা বেমাৰত ভুগি মৃত্যুক সাবটি ল'ব লগা হয় । এইবানৰ সময়ত বানপীড়িত ঠাইবোৰত বেমাৰ হ'লেও চিকিৎসাৰ অভাৱত মৃত্যু বৰণ কৰে ।তাতোকৈ দুখৰ কথা মৃতকোক সৎকাৰ কৰিব নোৱাৰা পৰিৱেশ হয়। এয়া এটা বছৰৰ ছবিয়ে নহয়, বছৰৰ পিছত বছৰ ভুুুগি আহিছে অসমীয়া জনসাধাৰণে । এই ক্ষেত্ৰত ৰজাঘৰীয়াৰ কোনো কাণসাৰ নাই৷
মই ভাৱো এতিয়া আৰু আমি এনেদৰে ৰজাঘৰীয়াৰ মুখৰ পিনে চাই হাত সাবটি থাকিলে নহ'ব৷ অসমীয়া ৰাইজ সজাগ হ'বৰ হ'ল, আমি ওলাই --আমাৰ সন্মুখতে চৰকাৰী মানুহবোৰক লৈ গৈ সমস্যাবোৰ দূৰ কৰিব লাগিব। আমাৰ সন্মুখতে সকলো কাম কৰিব লাগিব তেওঁলোকে আৰু তেওঁলোকে যদি আগৰ কেইবছৰৰ দৰে কয় আমি কৰিম, --- আমি এই কথাত ভোল গৈ তেওঁলোকে কৰালৈ বাট চাই হাত সাবটি বহি থাকিলে নহ'ব । আমিও হাতে -কামে লাগিব লাগিব --কাৰণ এয়া আমাৰ সমস্যা । কথাত আছে নহয় " আপোন হাত জগন্নাথ " ।
আহক আমি আমাৰ সমস্যা বোৰ দূৰ কৰোঁ একগোট হৈ৷
ঠিকনাঃ গুৱাহাটী








