আমাৰ অসমীয়া সকল কাৰিকৰী দিশত ভালেখিনি পিছপৰা। সাধাৰণ কম্পিউটাৰ,প্ৰিণ্টাৰ, স্কেনাৰ, টিভি, ম'বাইল এটাকে যদি বেয়া হয়, আমাৰ চহৰখনত ভাল কৰিব পৰা উপযুক্ত মেকানিক বহুসময়ত পোৱা নাযায়।কেতিয়াবা ঘৰৰ লাইটৰ সৰু সমস্যা এটা কিম্বা পানীৰ পাম্পটোৰ সাধাৰণ সমস্যা এটা সমাধান কৰিব নোৱাৰি আপোনাৰ মূৰ গৰম হৈ কাক মাতো, ক'ত ঠিক কৰো যেন অৱস্থা হৈছে নিশ্চয়। লৰালৰিকৈ যাব ওলাই বাইকখন ষ্টাৰট নোহোৱা হ'লে বা গৰমৰ দিনত চলি থকা ফেনখন হঠাতে নচলা হ'লেও চাগে মনত পৰে ভাল মেকানিক এটা থকা হ'লে ! পিছে চৌডি আৰৱ, কাঁটাৰ, বাহৰেইন আনকি আমাৰ চুবুৰীয়া পশ্চিমবংগতো এনেবোৰ সমস্যা হোৱাৰ লগে লগে বা আধা ঘণ্টাৰ ভিতৰতে মেকানিক আহি হাজিৰ হয়। শুনি আচৰিত হ'লো অলপতে চৌডি- আৰৱ, কাঁটাৰ, বাহৰেইন আনকি আমাৰ চুবুৰীয়া পশ্চিমবংগত হেনো এনেবোৰ কাম কৰিবলৈ area wise servicing centre একোটা থাকে। private orgainization যদিও ইহঁতৰ কামবোৰ পৰিপাটি, মেৰামতি বানচো বহন কৰিব পৰা ধৰণৰ (আমাৰ ইয়াৰ দৰে মেকানিকে টিভিত হাত দিলেই পাঁচশ টকা, কম্পিউটাৰত হাত দিলেই চাৰিশ টকা ধৰণৰ নহয়)। আনকি ৰাষ্টাই পদূলিয়ে তেওঁলোকৰ ফোন নম্বৰবোৰ সকলোৱে দেখাকৈ থৈ দিয়ে (আমাৰ থানা- ফায়াৰৰ নম্বৰবোৰ থোৱাৰ দৰে)। ঘৰুৱা যিকোনো সামগ্ৰী হঠাতে বিকল হ'লে বা কিবা সমস্যা দেখুৱালে ততাতৈয়াকৈ তালৈ ফোন কৰিলে আধা ঘণ্টাৰ ভিতৰত ঘৰলৈ চেণ্টাৰটোৰ পৰা পঠিওৱা মেকানিক আহি সমস্যাটো সমাধান কৰি দি থৈ যায়। কাটাৰত হেনো আমাৰ দেশৰ বহু এনে মেকানিকৰ ভাৰতীয় মুদ্ৰা হিচাপত মাহেকীয়া দৰমহা পঞ্চাশ - ষাঠি হাজাৰ টকা। গতিকে দক্ষিণ ভাৰতৰ পৰা বহু লোক এনে কাম কৰিবলৈ বছৰি দেশখনলৈ ঢাপলি মেলে। আমাৰ ইয়াত? নুঘূূূৰা ফেনখন চাই চাই বা বেয়া হোৱা কম্পিউটাৰটো চাই চাই কেতিয়াবা দুই তিনি দিন অপেক্ষা কৰাটো তেনেই সাধাৰণ কথা। এয়াই অসম আৰু চুবুৰীয়া ৰাজ্য পশ্চিমবংগ কিম্বা অসম আৰু কাঁটাৰৰ মাজত প্ৰভেদ।
সৰু সৰু সমস্যাবোৰত আমি আমাৰ ৰাজ্যত কেতিয়াবা কেইবাদিনলৈ হাবু- ডুবু খোৱাটো তেনেই সাধাৰণ ঘটনা। আমি বহুতে মেকানিকক খবৰ দিছো বুলি সান্ত্বনাও লওঁঁ৷ বহু সময়ত উপযুক্ত মেকানিক নাপাই ঘৰতে মাহৰ পিছত মাহ ধৰি সামগ্ৰী এটা পেলাইও থোৱাৰ উদাহৰণ আছে । প্ৰধানতঃ উপযুক্ত পাৰটচৰ অভাৱ, কাৰিকৰী দক্ষ মেকানিকৰ অভাৱ, কিছু সোপাঢিলা নীতি আৰু এলেহুৱা ভাৱ আদিয়ে অসমক যুগে যুগে অন্ধকাৰত ৰাখি আহিছে। পিছুৱাই নি আছে। সচেতনতা আৰু সজাগতা থকাহেতেন অসমে কেতিয়াবাই ইয়াতকৈও আগুৱাব পাৰিলেহেঁতেন ! এইখন অসমত আজিও সাধাৰণ ফেন, টিভি, ডিভিডি, ইনভাৰটাৰ, পানীৰ পাম্প, গেছ বাৰ্ণাৰ, কম্পিউটাৰ, হাত ঘড়ী, বাইক, চাৰিচকীয়া গাড়ী, জেৰক্স মেচিন, ফ্ৰিজ, এছি, কেমেৰা, বেটাৰী এটা বেয়া হ'লে লগে লগে ভাল কৰিব পৰা মেকানিক পোৱা বৰ দুৰূহ কাম। আমাৰ নগৰ চহৰবোৰত দুই চাৰিজন তেনে লোক আছে যদিও তেওঁলোকৰ কামৰ হেঁচাত আপোনাৰ কামটো লগে লগে কৰিবলৈ অপাৰগ তেওঁলোক। আনহাতে এই বিষয়ত কেইগৰাকীমান লোকৰ হাততহে আছে দক্ষতা তথা অভিজ্ঞতা। এইদিশৰ পৰা চাবলৈ গ'লে অসমৰ এই দিশত বিকাশ হ'বলৈ আৰু বহু বাকী আছে। সেইবাবে এনে মেকানিক বৃত্তিটো অসমীয়া মানুহে শিকি বিশেষ মূলধন নোহোৱাকৈও আত্ম নিৰ্ভৰশীল হ'ব পাৰে বুলি ভবাৰ অৱকাশ আছে। পিছে এই ধৈৰ্য আৰু একাগ্ৰতা আছে কেইজনৰ ? বহুতে এই কামো মই কৰিমনে বুলি এক তুচ্ছ ভাৱনাও আছে। কথা হ'ল চৰকাৰী ভাৱেও কেতিয়াবা কেতিয়াবা এনে বিষয়ৰ বিনামূলীয়া প্ৰশিক্ষণ দিয়ে যদিও আজিৰ যুৱক- যুৱতীয়ে সেয়া খবৰেই নাপায় (কাকততো বিজ্ঞাপন দিয়াৰ পিছতো)। অসমৰ এন জি অ সমূহে কেন্দ্ৰীয় চৰকাৰৰ সংগঠন এন এছ আই চি, এম এছ এম ই কিম্বা আই টি আই সমূহৰ যোগেদি এই বিষয়ক বিবিধ প্ৰশিক্ষণৰ দিহা কৰিলে সৰু সৰু নগৰ চহৰ সমূহত থকা শিক্ষিত নিবনুৱাসকলৰ নিয়োগৰ সমস্যা ভালেখিনি নিৰ্মূল হ'লহেঁতেন। দুমাহ - এমাহৰ প্ৰশিক্ষণেই এই কামবোৰৰ বাবে যথেষ্ট। প্ৰশিক্ষণৰ পাছত এই বিষয়ক কাম কৰি থকা servicing centre বা স্থানীয় দোকান এখনত ছমাহ practical training ল'লেই সাধাৰণতে এগৰাকী লোকে এইবিষয়ক কাম কৰিব পৰা হৈ যায়। এই দিশত বেচৰকাৰী খণ্ডৰ এন জি অ সমূহ আগবাঢ়ি আহিলে অসমৰ ভালেখিনি নিবনুৱাই আত্মনিৰ্ভৰশীল হ'ব পাৰিলেহেঁতেন।








