ভগ্ন সপোন......✍ গৰিমা দেৱী

তাই মাথোন চিঞৰে,
দগ্ধ হৈ যোৱা সপোনৰ ছাইবোৰ মোহাৰি
তাই মাথোন কান্দে আৰু কান্দে…।

এদিন সপোনৰ জন্ম দিছিলে
বুকুত ঘাঁহ বন গজাৰ ভয়ত সপোনৰ প্ৰতিপালন
তাই নিজেই কৰিছিলে…।
বসন্তৰ নব্য ফুলেৰে সজাইছিল
নব্য চিন্তাৰ নব্য ধাৰাবোৰ…।

বতাহে স্বইচ্ছাই নুৰুৱায়,
প্ৰবল ধুমুহাজাকত সপোনৰ খণ্ডন হৈছিল
ৰক্তমিশ্ৰিত ঘৃণনীয়ভাৱে…।

অলপমান পানীৰ বাবে তাই মাথোন সলনি হৈছিল।
সলনি কৰিছিল নিত্য সাধাৰণ কৰ্মক…।
নতুন বেশ্যাৰ প্ৰথম ৰাতিৰ দিনাখন তাই চিঞৰিছিল,
সহ্য কৰিছিল অশ্লীল বিহ যন্ত্ৰণা…।
মুখ দেখুৱাই বিৰহৰ যন্ত্ৰণা ভুগি
ছটফটাই উঠে
সমগ্ৰ সত্তা, সমগ্ৰ অস্তিত্ব।

এতিয়া তাই জীয়াই আছে
পানী পিবলৈ,
এতিয়া তাই জীয়াই আছে
পানীৰ বাবে অশ্লীল কৰ্মস্বত্তাক চুবলৈ…।