ৰঙা ৰঙৰ সেন্দূৰ
যুগ্ম জীৱনৰ হেন্দকাপ
জীৱন দুটি জীৱনৰ স্বাক্ষৰ
মোহৰ হৈ তুমি চিনাকি হৈ ৰোৱা ।
জোনহৈ উজ্জীৱিত হোৱা ঘূৰণীয়া হৈ
চকা মকা পোহৰত তোমাৰ ৰেঙনি
ভালপোৱাৰ প্ৰতিদান কঁপালত ফুলি থকা
ৰঙা ৰং সেন্দূৰ তুমি।
চিনাকি দিয়া তুমি সমাজত
সৃষ্টিৰ গৰাকী বুলি
নৱ নৱ প্ৰজন্মৰ তুমি মাতৃ
ৰঙা হৈ ফুলি থাকা ....আশা আৰু সম্ভাৱনা।
যুগ্ম জীৱনৰ হেন্দকাপ
জীৱন দুটি জীৱনৰ স্বাক্ষৰ
মোহৰ হৈ তুমি চিনাকি হৈ ৰোৱা ।
জোনহৈ উজ্জীৱিত হোৱা ঘূৰণীয়া হৈ
চকা মকা পোহৰত তোমাৰ ৰেঙনি
ভালপোৱাৰ প্ৰতিদান কঁপালত ফুলি থকা
ৰঙা ৰং সেন্দূৰ তুমি।
চিনাকি দিয়া তুমি সমাজত
সৃষ্টিৰ গৰাকী বুলি
নৱ নৱ প্ৰজন্মৰ তুমি মাতৃ
ৰঙা হৈ ফুলি থাকা ....আশা আৰু সম্ভাৱনা।







