শিলৰ চোলা পিন্ধা নাৰী......✍ ৰশ্মিৰেখা সাউদ কলিতা

শিলৰ চোলা চকুলোৰে গঢ়া
এই চোলাবোৰত মৰমৰ ফুল আঁকিব নোৱাৰি।
নোৱাৰি ৰং আৰু সূতাৰে ৰঙীন কৰিব।
কেৱল দু:সময়ে খোদিত কৰা দুখ যন্ত্ৰণাৰ
চাপ লগা চোলাটোত সী লোৱা হয়
ধৈৰ্য্য আৰু সাহসৰ বুটাম।
যাৰ সহায়ত শিলৰ চোলাটোৰে ঢাকিব পাৰে বুকুৰ কামিহাড়,
ছিৰাছিৰ কলিজা ।
এই চোলাটোৱেই ওৰেটো জীৱন বহন কৰে
ফুল হৈয়ো ফুলিব নোৱাৰাৰ বিষাদ।
মম হৈ গলে 
শিখা হৈ জ্বলে
শিলৰ চোলা পিন্ধা নাৰীৰ মন আৰু শৰীৰ।
শিলৰ চোলাটো চোলা হৈয়ে থাকে৷