জোনাক কিয় ইমান ভাল লাগে......✍ কৃষ্ণা জ্যোতি জোনাক দাস

সত্যেন খুৰাই বাৰে বাৰে প্ৰশ্ন কৰে...
জোনাক কিয় ইমান ভাল লাগে তোমাৰ ?

মই কওঁ
নীৰৱ নিতাল নিশা....
জোনাক মোৰ জীৱনৰ সংগী হয় খুৰা....

জোনাকত মালা গাঁঁঠি দিও...
মই দুচকুৰ জকমকীয়া...
ৰঙীন সপোনবোৰ....৷

মোৰ কল্পনাই পাখি মেলে...
জোনাকী নিশা
বহু দুৰ দূৰণিলৈ....।

জোনাক,
ৰাতিবোৰ বৰ মধুৰ হয়,
অনুপম হয় নিসংগতাবোৰো৷

ৰাতি তৰা ভৰা আকাশত
জোনৰ পোহৰ আছে বাবেই
জোনাক মোৰ ভাল লাগে খুৰা.....৷

ঠিকনাঃ যোৰহাট