এদিন সপোনবোৰে বাগৰ সলাব
সন্দেহৰ পোকাকেৰে আবৃত
এটা মধুৰ সম্বন্ধৰ দৰে…
অভিন্ন হৈও ভিন্ন হৈ পৰিব
দুটি আত্মা
হ'ব ইপ্সিত আশাৰ স্বপ্নভংগ।
মৌনতা হ'ব সহচৰ
স্বাভাৱিকবোৰ অস্বাভাৱিক হ'ব
বিস্মৃতিৰ গৰাহত বিলীন হ'ব
সুখ দুখত ক্ষণবোৰ……
হ'ব মাথো,
এটি কৰুণ সোঁৱৰণী।
উত্তৰবিহীন প্ৰশ্নবোৰে
বুকুৰ একোণত বাহ ল'ব।
ক্ৰমশঃ গতানুগতিকতাত আৱদ্ধ হ'ব জীৱনশৈলী
জীৱন বীণাখনিত
নৱ সুৰৰ ঝংকাৰ উঠিব
হৃদয় বিচাৰি ফুৰা
মৰুৰ বুকুৰ পদুমপাহিয়ে
ঈষৎ ৰঙা হৈ ফুলিব
সুঁতি সলোৱা নৈখনেও
আনন্দত উফন্দি উঠিব।
সঁচাকৈ প্ৰেমিকবোৰ যদি পতি হ'লহেঁতেন!!!
সন্দেহৰ পোকাকেৰে আবৃত
এটা মধুৰ সম্বন্ধৰ দৰে…
অভিন্ন হৈও ভিন্ন হৈ পৰিব
দুটি আত্মা
হ'ব ইপ্সিত আশাৰ স্বপ্নভংগ।
মৌনতা হ'ব সহচৰ
স্বাভাৱিকবোৰ অস্বাভাৱিক হ'ব
বিস্মৃতিৰ গৰাহত বিলীন হ'ব
সুখ দুখত ক্ষণবোৰ……
হ'ব মাথো,
এটি কৰুণ সোঁৱৰণী।
উত্তৰবিহীন প্ৰশ্নবোৰে
বুকুৰ একোণত বাহ ল'ব।
ক্ৰমশঃ গতানুগতিকতাত আৱদ্ধ হ'ব জীৱনশৈলী
জীৱন বীণাখনিত
নৱ সুৰৰ ঝংকাৰ উঠিব
হৃদয় বিচাৰি ফুৰা
মৰুৰ বুকুৰ পদুমপাহিয়ে
ঈষৎ ৰঙা হৈ ফুলিব
সুঁতি সলোৱা নৈখনেও
আনন্দত উফন্দি উঠিব।
সঁচাকৈ প্ৰেমিকবোৰ যদি পতি হ'লহেঁতেন!!!







