তুমি যোৱা আলিবাটেদি উভতি আহিছে চিফুঙৰ সুৰ
বতাহত উৰা আৰণাই খনে বাট দেখুৱায়
আলিবাটেৰে বাট বুলে সপোনৰ ঢিমিকি সুগন্ধই
দুচকুত ওমলিবলৈ এতিয়াও বহুদূৰ বাট
কোনোবাই বজোৱা চিফুঙে টোপনিক নিচুকায়
বৈশাগুতে শুনা যি শেষবাৰ
তাৰেই শুন নুশুন কাণত আজিও বাজে
উশাহক জীয়াবলৈ তাৰেই সুৰে উচটাই
বুকুত বাজে সপোনৰ চিনাকি মাত
তুমি যোৱা আলিবাটেদি উভতি আহিছে সেই সুৰ
হেৰোৱা সপোনৰ চিন অচিন সুবাসতে
চলে জীয়া হাঁহিৰ আখৰা,
কিয়?
মৰম হৈ
হৃদয়ে হৃদয়ে বোৱাবলৈ চিফুং নিনাদ
বতাহত উৰা আৰণাই খনে বাট দেখুৱায়
আলিবাটেৰে বাট বুলে সপোনৰ ঢিমিকি সুগন্ধই
দুচকুত ওমলিবলৈ এতিয়াও বহুদূৰ বাট
কোনোবাই বজোৱা চিফুঙে টোপনিক নিচুকায়
বৈশাগুতে শুনা যি শেষবাৰ
তাৰেই শুন নুশুন কাণত আজিও বাজে
উশাহক জীয়াবলৈ তাৰেই সুৰে উচটাই
বুকুত বাজে সপোনৰ চিনাকি মাত
তুমি যোৱা আলিবাটেদি উভতি আহিছে সেই সুৰ
হেৰোৱা সপোনৰ চিন অচিন সুবাসতে
চলে জীয়া হাঁহিৰ আখৰা,
কিয়?
মৰম হৈ
হৃদয়ে হৃদয়ে বোৱাবলৈ চিফুং নিনাদ







