কিচিৰমিচিৰ ঘৰচিৰিকাৰ মাতত
তন্দ্ৰা চকুযুৰি মেলো...
কেতিয়াবা বেৰৰ জোলোঙাৰে
নতুবা চিলিঙৰ ফাঁকেৰে চাওঁ..
কুমলীয়া সূৰুযৰ কিৰণে চকু চাট মাৰি ধৰে..৷
আইৰ চৌকাৰ জুইকুৰা দপদপাই উঠে..
জেৰেঙালৈ অহা হালোৱাই ৰাগ টানে,
আমাৰ সন্মুখৰ গৰুবাটেদি যোৱা..
খৰিচা- পুৰা গৰৈৰ পিটিকাৰ গোন্ধবোৰক
আমি নাম দিওঁ শাওণ৷
সন্ধ্যাৰাণী হাতত মোৰ আবেলিয়ে হাৰ মানে
আৰু মই...
আইতাৰ তেজীমলাজনী হৈ
কোলাতে টোপনি যাওঁ...৷
কেতিয়াবা সপোনত দেখো....
পিতাইৰ কলাফুলত জোকে খোৱা চিন
নতুবা জ্যামিতি ছাৰৰ এছাৰিৰ কোব...
নতুবা শেৱালিৰ হাতত, কেঁচা শিলিখাৰ পলিথিন৷
অকস্মাতে মোৰ শৈশৱবোৰ শেষ হৈ যায়
মোৰ শৈশৱত নদী নাছিল
কঁহুৱা নাছিল
সমনীয়াৰ লগত মোৰ শৈশৱে
বোকাৰ পদুমো চিঙা নাছিল
তথাপিও মোৰ শৈশৱবোৰ আছিল
ফুলি উঠা কৃষ্ণচূড়াজোপাৰ দৰেই৷
হয়তো মোৰ আছিল
এটা বনগুটি লগা ফুটফুটীয়া চোলা
সপোনৰ এটা বগাঘোঁৰা
কিছু তলসৰা শেৱালি
তাতেই মোৰ শৈশৱ সমাপ্তি৷
সেয়ে হয়তো এতিয়াও
চকুপানী মচি গাবলৈ মন যায়
''বগলী এ... বগা ফোট দি যা..৷"
তন্দ্ৰা চকুযুৰি মেলো...
কেতিয়াবা বেৰৰ জোলোঙাৰে
নতুবা চিলিঙৰ ফাঁকেৰে চাওঁ..
কুমলীয়া সূৰুযৰ কিৰণে চকু চাট মাৰি ধৰে..৷
আইৰ চৌকাৰ জুইকুৰা দপদপাই উঠে..
জেৰেঙালৈ অহা হালোৱাই ৰাগ টানে,
আমাৰ সন্মুখৰ গৰুবাটেদি যোৱা..
খৰিচা- পুৰা গৰৈৰ পিটিকাৰ গোন্ধবোৰক
আমি নাম দিওঁ শাওণ৷
সন্ধ্যাৰাণী হাতত মোৰ আবেলিয়ে হাৰ মানে
আৰু মই...
আইতাৰ তেজীমলাজনী হৈ
কোলাতে টোপনি যাওঁ...৷
কেতিয়াবা সপোনত দেখো....
পিতাইৰ কলাফুলত জোকে খোৱা চিন
নতুবা জ্যামিতি ছাৰৰ এছাৰিৰ কোব...
নতুবা শেৱালিৰ হাতত, কেঁচা শিলিখাৰ পলিথিন৷
অকস্মাতে মোৰ শৈশৱবোৰ শেষ হৈ যায়
মোৰ শৈশৱত নদী নাছিল
কঁহুৱা নাছিল
সমনীয়াৰ লগত মোৰ শৈশৱে
বোকাৰ পদুমো চিঙা নাছিল
তথাপিও মোৰ শৈশৱবোৰ আছিল
ফুলি উঠা কৃষ্ণচূড়াজোপাৰ দৰেই৷
হয়তো মোৰ আছিল
এটা বনগুটি লগা ফুটফুটীয়া চোলা
সপোনৰ এটা বগাঘোঁৰা
কিছু তলসৰা শেৱালি
তাতেই মোৰ শৈশৱ সমাপ্তি৷
সেয়ে হয়তো এতিয়াও
চকুপানী মচি গাবলৈ মন যায়
''বগলী এ... বগা ফোট দি যা..৷"







