তোমাৰ উমাল কলিজাটো
সোলোকাই আনি
মোক উমলিবলৈ দিবানে?
তাঁতৰ সূতাৰ দৰে দীঘল
মোৰ জঁট বন্ধা সপোনবোৰৰ
পাক খুলি দিবানে?
মোৰ অতৃপ্ত বাসনাবোৰ
উৰ্বৰ চকুলোৰে সেমেকি
যেনিয়ে তেনিয়ে পোখা মেলিছে
মোক এবাৰ সাবটি
শুকান ওঁঠ দুটিত
সিক্ত চুমা যাঁচি
মোৰ অস্থিৰ আত্মাক
এটি স্থিৰ ঠিকনা দিবানে?
তোমাৰ অবিহনে জীয়াব পাহৰি
কাহানিবা সাঁজৰ তৰা হ'লে
প্ৰতি সন্ধিয়া
তুমি মোৰ স'তে উমলিবানে?
ঠিকনাঃ বেংগালুৰু
সোলোকাই আনি
মোক উমলিবলৈ দিবানে?
তাঁতৰ সূতাৰ দৰে দীঘল
মোৰ জঁট বন্ধা সপোনবোৰৰ
পাক খুলি দিবানে?
মোৰ অতৃপ্ত বাসনাবোৰ
উৰ্বৰ চকুলোৰে সেমেকি
যেনিয়ে তেনিয়ে পোখা মেলিছে
মোক এবাৰ সাবটি
শুকান ওঁঠ দুটিত
সিক্ত চুমা যাঁচি
মোৰ অস্থিৰ আত্মাক
এটি স্থিৰ ঠিকনা দিবানে?
তোমাৰ অবিহনে জীয়াব পাহৰি
কাহানিবা সাঁজৰ তৰা হ'লে
প্ৰতি সন্ধিয়া
তুমি মোৰ স'তে উমলিবানে?
ঠিকনাঃ বেংগালুৰু







