বহুদূৰৰ পৰা আহে তাই ওখোৰা মোখোৰা পথ ৷
পাহাৰৰ পৰা দেও দি
জঁপিয়াই আহে ছোৱালীজনী৷
ৰঙা নীলা ফুটফুটীয়া দীঘল ফ্ৰক;
চুটি চুলি উৰি থাকে বতাহত ৷
পিঠিৰ মোনাৰ পৰা মুঠি ভৰাই কিবা
উলিয়াই কেউদিশে ছটিয়াই ৷
তাইৰ লগে লগে অহা চৰাইবোৰক
তাই মুঠি ভৰাই কিবা দিয়ে ৷
কোনো দিশে যাব দিয়ে কোনো চৰাইক;
চৰাই উৰি যায় ৷
দেওদি জঁপিয়াই যায়
ৰঙা বগা ছোৱালী জনী;
ওপৰৰ পৰা নামি আহে তাই গুনগুনাই ৷
মোনা ভৰাই আনিছো সুখ
আনিছো সপোন
আনিছো দুখৰ দৰৱ
যাকেই দিম পাব সুখৰ উপৰি সুখ ৷
তাইৰ ভৰি য’তেই পৰে
গজি উঠে সেউজ দলিচা ৷
মৰহি যোৱা ফুলবোৰ সজীৱ হৈ উঠে
গছবোৰেও নাচোন ধৰে
চৰাইবোৰৰ দৰে ৷
মোৰ কাষেদি পাৰ হৈ যায়
ফুলাম ফ্ৰক যেন এক সুবাস ৷
চিঞৰি কৈ যায় মই সুখ বিলাও
সপোন বিলাও
দুখ নোহোৱা দৰৱ বিলাও ৷
দূৰৰ পৰা দূৰলৈ বিলাও
যাক লাগে তাকে দিও ৷
আঁৰ চকুৰে মোক ক’লে নেকি বাৰু
হ’বা নেকি তজবজীয়া
ৰণুৱাঘোঁৰাৰ দৰে ৷
পাৰ হৈ গুচি গ’ল তাই
তাইৰ সুবাসত মই বিভোৰ
নামতোও নুসুধিলো ৷
সুখৰ গৰাকী নে তাই বাৰ্তাবাহক ?
নাজানিলো নাজানিলো ক'লৈবা গ’ল তাই৷
পাহাৰৰ পৰা দেও দি
জঁপিয়াই আহে ছোৱালীজনী৷
ৰঙা নীলা ফুটফুটীয়া দীঘল ফ্ৰক;
চুটি চুলি উৰি থাকে বতাহত ৷
পিঠিৰ মোনাৰ পৰা মুঠি ভৰাই কিবা
উলিয়াই কেউদিশে ছটিয়াই ৷
তাইৰ লগে লগে অহা চৰাইবোৰক
তাই মুঠি ভৰাই কিবা দিয়ে ৷
কোনো দিশে যাব দিয়ে কোনো চৰাইক;
চৰাই উৰি যায় ৷
দেওদি জঁপিয়াই যায়
ৰঙা বগা ছোৱালী জনী;
ওপৰৰ পৰা নামি আহে তাই গুনগুনাই ৷
মোনা ভৰাই আনিছো সুখ
আনিছো সপোন
আনিছো দুখৰ দৰৱ
যাকেই দিম পাব সুখৰ উপৰি সুখ ৷
তাইৰ ভৰি য’তেই পৰে
গজি উঠে সেউজ দলিচা ৷
মৰহি যোৱা ফুলবোৰ সজীৱ হৈ উঠে
গছবোৰেও নাচোন ধৰে
চৰাইবোৰৰ দৰে ৷
মোৰ কাষেদি পাৰ হৈ যায়
ফুলাম ফ্ৰক যেন এক সুবাস ৷
চিঞৰি কৈ যায় মই সুখ বিলাও
সপোন বিলাও
দুখ নোহোৱা দৰৱ বিলাও ৷
দূৰৰ পৰা দূৰলৈ বিলাও
যাক লাগে তাকে দিও ৷
আঁৰ চকুৰে মোক ক’লে নেকি বাৰু
হ’বা নেকি তজবজীয়া
ৰণুৱাঘোঁৰাৰ দৰে ৷
পাৰ হৈ গুচি গ’ল তাই
তাইৰ সুবাসত মই বিভোৰ
নামতোও নুসুধিলো ৷
সুখৰ গৰাকী নে তাই বাৰ্তাবাহক ?
নাজানিলো নাজানিলো ক'লৈবা গ’ল তাই৷







