মই এই দেশৰ সৈনিক......✍ লক্ষ্যজিৎ লক্ষ্য শইকীয়া

মা তুমি দুখ নকৰিবা,
মই পুনৰ উভতি যাম তোমাৰ কোলালৈ ।
বর্তমান সৈনিকেই মোৰ একমাত্র পৰিচয়,
দেশ ৰক্ষাৰ দায়িত্ব লৈছো মূৰ পাতি ।
মা তোমাৰ আশীৰ্বাদ আছে মোৰ লগত,
বৰফাবৃত পাহাৰো হৈ পৰিছে মোৰ বাবে ৰাজকাৰেং।
মা যদু ভালে আছেনে ?
তাক ভালকৈ পঢ়িব ক'বা।
মেট্রিক পৰীক্ষা পালেহিয়েই,
বহুত আশা আছে
তাৰ ওপৰত মোৰ ।
বিহু, পূজাবোৰক একাষৰীয়াকৈ ৰাখি
সন্ত্রাসবাদীৰ সন্ত্রাস নির্মূলেই হৈ পৰিছে আমাৰ উৎসৱ।
মাতৃভূমি ৰক্ষাই হৈছে একমাত্র সংকল্প ।
মা তোমাৰ হাতৰ সেই টেঙা শাককণ
মনত পেলায়েই তৃপ্তি লভো ।
এশ পঁচিশ কোটি জনতাৰ কথা মনত পৰিলেই
নোহোৱা হৈ যায় মোৰ নিজা স্বার্থ
এদিন হয়তো ওলামগৈ তোমাৰ কাষত,
যদিহে সন্ত্রাসবাদীৰ গুলীত নহওঁ মই শ্বহীদ ।
তুমি দুখ নকৰিবা মা
এই দেশৰ সৈনিক মই৷

ঠিকনাঃ চুতিয়াকাৰী, লখিমপুৰ ।