হেৰুৱাৰ সুৰ......✍ বিশ্বজিৎ ডি চেতিয়া

পকী সুমথিৰা আবেলি গৰকি
গছবোৰ শুলে
গধূলি গোপাল সন্ধিয়াত
সুগন্ধি ৰজনীগন্ধাই সাৰ পাইছিল

তুলি লৈছিলো মোহন বাঁহী

সুৰত নিদ্ৰাৰত চৰাইবোৰে
কদম ফুলাৰ সপোন দেখিছিল..

বাঁহীৰ সুৰত
মন যমুনাৰ সোঁতত
কিমানযে পানচৈ এৰিলো!

পদুমৰ পাহি
কোমল পাপৰি
চুমি চুমি হৈছিলো বাউলী..

বাঁহীটি ঐ
আকৌ বাজচোন

নৈখন ঐ
ঢৌ তুলি নাচ

ৰূপালী নাও আগুৱাই যা
সুগন্ধি মলয়া উৰি উৰি আহ..

কিমানযে দিন হ'ল বাঁহীত সুৰ নিদিয়া
কিমান যে দিন হ'ল ৰজনীগন্ধা নুফুলা

বালিচৰ কুৰুকি সোমাল নৈৰ সুগন্ধি
শুকাল পদুমৰ পাহি
মৰহিল নৰ্তক আঙুলি
শামুকৰ খোলাত পৰি ৰ'ল হেঁপাহৰ বাঁহী

এমুঠি সুৰৰ অভাৱত..

ঠিকনাঃ বৰটিং নাও শলীয়া