যুদ্ধৰ কবিতা......✍ ছবি বৰুৱা

সম্প্ৰতি
তোমাৰ জীৱন মোৰ হাতত
মোৰ জীৱন
তোমাৰ আৰু বহুজনৰ হাতত

এতিয়া
আকাশ উপচাই বাৰুদৰ উত্তাল বিভীষিকা
বিবেকে নিচিনে বিবেক
হৃদয়ে নাজানে অন্য এক হৃদয়ৰ ঠিকনা
বেসুৰা গীত হৈ গুছি যায়
উদ্বেল সময়

আপাতত
মই তোমাক হত্যা কৰিব পাৰো
নদীৰ ঠিকনা দিব পাৰো

দিব পাৰো নীল নক্ষত্ৰ
অথবা
বুকুৰ সঠিক ঠিকনা

ঠিকনাঃ গোলাঘাট