(এক)
দিনলিপিৰ উকা পৃষ্ঠাত নিগাজী হ'বলৈ
অভিধানৰ বুকুত সিঁচৰতি হৈ থকা
তুমি এজাক শব্দৰ বৰষুণ নোহোৱা
মোৰ বুকুৰ গোপনত গুন গুনকৈ
বিয়পি থকা তুমি সুৰৰ মূৰ্ছনা।
(দুই)
তোমাৰ দুখবোৰ মোক দিয়া
বুকুৰ পলসত সিঁচি লওঁ
মোৰ সুখবোৰ
তোমাৰ আশাৰ সীৰলুত ৰোপণ কৰা
লহপহকৈ বাঢ়ক জীৱন।
ঠিকনাঃ গোলাঘাট
দিনলিপিৰ উকা পৃষ্ঠাত নিগাজী হ'বলৈ
অভিধানৰ বুকুত সিঁচৰতি হৈ থকা
তুমি এজাক শব্দৰ বৰষুণ নোহোৱা
মোৰ বুকুৰ গোপনত গুন গুনকৈ
বিয়পি থকা তুমি সুৰৰ মূৰ্ছনা।
(দুই)
তোমাৰ দুখবোৰ মোক দিয়া
বুকুৰ পলসত সিঁচি লওঁ
মোৰ সুখবোৰ
তোমাৰ আশাৰ সীৰলুত ৰোপণ কৰা
লহপহকৈ বাঢ়ক জীৱন।
ঠিকনাঃ গোলাঘাট







