বিধৱা......✍ অৰূপ কুমাৰ পাতৰ

তাইৰ ওঁঠৰ হৃদয় চুৱা
হাঁহিটো নাই কিয়া হ'ল
ৰঙিন পোচাকযোৰ
পিন্ধিবলৈ তাই এৰিল
তাইৰ দীঘল প্ৰদূলিৰ ৰক্তজবা মৰহি শুকাল।
উকাহৈ ৰ'ল তাইৰ বুকুৰ চোতাল
কোমল অন্তৰখন কেকটাছ হৈ ৰ'ল
মৰুভূমিৰ কোনো এটা কোণত৷

বেদনাৰ বৰষুণ জাক সদায় আহে
ঢেৰেকনি গাজনিয়ে
তাইৰ বুকুখন চিৰিং চিৰিংকৈ কঁপাই তোলে,
বিজুলীৰ চমকত ভয়তে কলিজাখন
এন্ধাৰৰ লগৰী হ'ব খোজে৷

তাই নিঃসংগতাৰ লগৰী
বিষাদৰ কোৱাল নদীত
ককবকাইছে নিঃশেষ হোৱা সপোনবোৰ৷

আজি অতীতৰ স্মৃতিবোৰ মাথো সোঁৱৰণি হৈ
জিলিকি ৰ'ল, ডায়ৰিৰ পৃষ্ঠাবোৰত
আৰু মাজে মাজে কন্দুৱাই তাইক
স্মৃতিৰ ৰোমন্থন হৈ,

আকৌ কেতিয়াৱা তাইৰ বগা পোচাকযোৰৰ
ওপৰতো চকু পৰে পাশৱিক কিছুমানৰ
কলংকিত কৰিব খোজে তাইৰ দেহ,
গণিব বিচাৰে বেশ্যাৰ শাৰীত৷