স্বাধীন মোৰ দেশ
তথাপি....
চলি আছে আদেশ।
স্বাধীনতা দিৱস!
গণতন্ত্ৰ দিৱস!
কিয় পালন কৰো আমি?
কিয়?
কিয়?
মুকলি আকাশৰ তলত
ত্ৰিৰংগ পতাকা উৰুৱাই
প্ৰতিবছৰে ঝংকাৰিত কৰো
স্পন্দনাময় পান্থপাদপ।
জনতাৰ সমন্বিতে
হেঁপাহৰ অদ্যান্তৰে
আৱিষ্কাৰ কৰো- ভাৰতভূমি
'বন্দে মাতৰম....'
অন্যথা
'জনগণ মন অধিনায়ক জয় হে'....'
কেতিয়াবা এনে লাগে
সকলো যেন
প্ৰৱঞ্চনাৰ উদগ্ৰীৱ আখৰা
কিয়নো মুক্ত জানো আমি?
দেশমাতৃৰ দলিচাত
বিচৰণ কৰিও
ধৰ্ষিতা হয় মহীয়সী
কাৰণ-স্বাধীন মোৰ দেশ।
অন্ধবিশ্বাসৰ দোহাইদি
ডাইনী সজাই হত্যা কৰা হয়
আপোনাৰ- মোৰ 'মাতৃ'
অথবা 'ভগ্নী'
কাৰণ -স্বাধীন মোৰ দেশ।
ধৰ্মীয় গোড়ামিত অন্ধ হৈ
সাম্প্ৰতিকতাটো চলিছে
বলি-বিধান প্ৰথা,
ভণ্ড সমাজ ব্যৱস্থা
কাৰণ-স্বাধীন মোৰ দেশ।
মাতৃ-ভূমিৰ ভূমিত
খোজ দিওঁ,
সোপাধৰাৰ সন্দেহত
আক্ৰমণ কৰা হয়
নিৰীহ-তৃষ্ণাৰ্ত লোকক
কাৰণ-স্বাধীন মোৰ দেশ।
সৰ্বসাধাৰণ মানুহৰ ওপৰত
মাওবাদীৰ শাসন,
চোকা অস্ত্ৰৰ ভয় দেখুৱাই
মৃত্যুৰ ভাবুকি
কাৰণ-স্বাধীন মোৰ দেশ।
ক'বলৈ....
কুণ্ঠাবোধ নকৰো আমি
''আমি স্বাধীন দেশৰ
স্বাধীন নাগৰিক।''
অথচ-
অনবৰতে পুহি ৰখাা
ভয়াৰ্ত দেশপ্ৰেমিক।
নাহে জানো? মনলৈ....
অযুত জিজ্ঞাসা-
স্বাধীন জানো আমি?
আপুনি,
মই,
আমি সকলো....৷
তথাপি....
চলি আছে আদেশ।
স্বাধীনতা দিৱস!
গণতন্ত্ৰ দিৱস!
কিয় পালন কৰো আমি?
কিয়?
কিয়?
মুকলি আকাশৰ তলত
ত্ৰিৰংগ পতাকা উৰুৱাই
প্ৰতিবছৰে ঝংকাৰিত কৰো
স্পন্দনাময় পান্থপাদপ।
জনতাৰ সমন্বিতে
হেঁপাহৰ অদ্যান্তৰে
আৱিষ্কাৰ কৰো- ভাৰতভূমি
'বন্দে মাতৰম....'
অন্যথা
'জনগণ মন অধিনায়ক জয় হে'....'
কেতিয়াবা এনে লাগে
সকলো যেন
প্ৰৱঞ্চনাৰ উদগ্ৰীৱ আখৰা
কিয়নো মুক্ত জানো আমি?
দেশমাতৃৰ দলিচাত
বিচৰণ কৰিও
ধৰ্ষিতা হয় মহীয়সী
কাৰণ-স্বাধীন মোৰ দেশ।
অন্ধবিশ্বাসৰ দোহাইদি
ডাইনী সজাই হত্যা কৰা হয়
আপোনাৰ- মোৰ 'মাতৃ'
অথবা 'ভগ্নী'
কাৰণ -স্বাধীন মোৰ দেশ।
ধৰ্মীয় গোড়ামিত অন্ধ হৈ
সাম্প্ৰতিকতাটো চলিছে
বলি-বিধান প্ৰথা,
ভণ্ড সমাজ ব্যৱস্থা
কাৰণ-স্বাধীন মোৰ দেশ।
মাতৃ-ভূমিৰ ভূমিত
খোজ দিওঁ,
সোপাধৰাৰ সন্দেহত
আক্ৰমণ কৰা হয়
নিৰীহ-তৃষ্ণাৰ্ত লোকক
কাৰণ-স্বাধীন মোৰ দেশ।
সৰ্বসাধাৰণ মানুহৰ ওপৰত
মাওবাদীৰ শাসন,
চোকা অস্ত্ৰৰ ভয় দেখুৱাই
মৃত্যুৰ ভাবুকি
কাৰণ-স্বাধীন মোৰ দেশ।
ক'বলৈ....
কুণ্ঠাবোধ নকৰো আমি
''আমি স্বাধীন দেশৰ
স্বাধীন নাগৰিক।''
অথচ-
অনবৰতে পুহি ৰখাা
ভয়াৰ্ত দেশপ্ৰেমিক।
নাহে জানো? মনলৈ....
অযুত জিজ্ঞাসা-
স্বাধীন জানো আমি?
আপুনি,
মই,
আমি সকলো....৷







