হাঁহি আৰু ওঁঠৰ ৰামধেনু
তোমাৰ দুচকুত ফুলে
কেতিয়াও নেদেখা নৈ খন
জিলিকি উঠে ৰ'দৰ পোহৰত
ওঁঠৰ পৰসত
সেউজীয়া ঘাঁহনিৰে ঘৰ সাজে
তোমাৰ নখবোৰ
নখবোৰত সুগন্ধিৰ এটা হাঁহি
মৌনতাৰে মোৰ চকুযুৰিক
অলপ জিৰাবলৈ দিয়া
তোমাৰ সুগন্ধি হাঁহিত
সুগন্ধিৰ ফুল বুটলি লোৱা বাটৰুৱা মই
হাঁহি বোৰ সেউজীয়া হৈ থাকিব দিয়া
মৌন হৃদয়ে চুই চাব
এক সপোন মৰীচিকা৷
ঠিকনাঃ মৰিগাঁও
তোমাৰ দুচকুত ফুলে
কেতিয়াও নেদেখা নৈ খন
জিলিকি উঠে ৰ'দৰ পোহৰত
ওঁঠৰ পৰসত
সেউজীয়া ঘাঁহনিৰে ঘৰ সাজে
তোমাৰ নখবোৰ
নখবোৰত সুগন্ধিৰ এটা হাঁহি
মৌনতাৰে মোৰ চকুযুৰিক
অলপ জিৰাবলৈ দিয়া
তোমাৰ সুগন্ধি হাঁহিত
সুগন্ধিৰ ফুল বুটলি লোৱা বাটৰুৱা মই
হাঁহি বোৰ সেউজীয়া হৈ থাকিব দিয়া
মৌন হৃদয়ে চুই চাব
এক সপোন মৰীচিকা৷
ঠিকনাঃ মৰিগাঁও







