জীৱনৰ আদিতম ৰ'দালি পুৱাত
কোমল পতাৰে সৰকি যোৱা
ৰং সনা পোহৰৰ হেঁচাত
সাৰ পাইছিল অজানিতে।
একলা দুকলাকৈ বাঢ়ি অহা
পূৰ্ণিমাৰ জোনটিয়ে
শৈশৱৰ সোণালী দেশত
ভৰি দিছিল থুনুক-থানাককৈ।
জীৱনৰ মাদকতা পোৱাৰ
উন্মাদ ৰঙীয়াল আৱেগত
সৰিছিল দুটি ওঠত
সপ্তসুৰৰ ৰাগত জীয়াই থকাৰ গান।
কাগজৰ নাও সাজি বাৰিষাৰ বুকুত
উটুৱাই দিয়া,
ঠুনুকা হাতৰ পৰশত গঢ়ে
আপোনভৰা বালিৰ ঘৰ,
সপোন দেশৰ ৰভাৰ তলিত
দৰা-কইনাৰ বিয়া,
অলং-দলং, ৰজা-ৰাণী, লুকা-ভাকুৰ ধেমালী
আস! কি যে নিখুঁত দিন।
সন্ধিয়া দুচকুত ভাগৰৰ টোপনি
পিতাইৰ আঙুলিৰে মৰমৰ বুলনি
একেথিৰে চাই ৰোৱা তৰাবোৰৰ নাচৰ ভাজে ভাজে
আইতাৰ মুখত সাধুকথাৰ কাহিনী
তেজীমলাৰ সাধু, চিলনী আইৰ সাধু।
সময়ে বাগৰ সলাই
ঠিকনা হেৰাই অস্তগামী ৰঙা বেলি
ওভতি নহাৰ প্ৰতিশ্ৰুতিৰে
সিঁচি দিয়ে সোঁৱৰণিৰ ঘন কুঁৱলী।
অনুভৱী মনটো যে বৰ দুষ্ট
নিজক বিচাৰি পোৱাৰ আশাৰে
কুৰুকি কুৰুকি সোমাই আহে
স্মৃতিৰ আন্ধাৰ কোঠালীত।
খেপিয়াই খেপিয়াই বিচাৰে
শৈশৱে চুমা অঁকা অতীতৰ ছবি।
দিখৌৰ পাৰত বহি
প্ৰকৃতিৰ দেওলগা মিচিকিয়া হাঁহি দেখি
উৰি যায় মন ময়ূৰী
শৈশৱে ধুই যোৱা সেই সোণালী দিন বিচাৰি।
ঠিকনাঃ তেজপুৰ
কোমল পতাৰে সৰকি যোৱা
ৰং সনা পোহৰৰ হেঁচাত
সাৰ পাইছিল অজানিতে।
একলা দুকলাকৈ বাঢ়ি অহা
পূৰ্ণিমাৰ জোনটিয়ে
শৈশৱৰ সোণালী দেশত
ভৰি দিছিল থুনুক-থানাককৈ।
জীৱনৰ মাদকতা পোৱাৰ
উন্মাদ ৰঙীয়াল আৱেগত
সৰিছিল দুটি ওঠত
সপ্তসুৰৰ ৰাগত জীয়াই থকাৰ গান।
কাগজৰ নাও সাজি বাৰিষাৰ বুকুত
উটুৱাই দিয়া,
ঠুনুকা হাতৰ পৰশত গঢ়ে
আপোনভৰা বালিৰ ঘৰ,
সপোন দেশৰ ৰভাৰ তলিত
দৰা-কইনাৰ বিয়া,
অলং-দলং, ৰজা-ৰাণী, লুকা-ভাকুৰ ধেমালী
আস! কি যে নিখুঁত দিন।
সন্ধিয়া দুচকুত ভাগৰৰ টোপনি
পিতাইৰ আঙুলিৰে মৰমৰ বুলনি
একেথিৰে চাই ৰোৱা তৰাবোৰৰ নাচৰ ভাজে ভাজে
আইতাৰ মুখত সাধুকথাৰ কাহিনী
তেজীমলাৰ সাধু, চিলনী আইৰ সাধু।
সময়ে বাগৰ সলাই
ঠিকনা হেৰাই অস্তগামী ৰঙা বেলি
ওভতি নহাৰ প্ৰতিশ্ৰুতিৰে
সিঁচি দিয়ে সোঁৱৰণিৰ ঘন কুঁৱলী।
অনুভৱী মনটো যে বৰ দুষ্ট
নিজক বিচাৰি পোৱাৰ আশাৰে
কুৰুকি কুৰুকি সোমাই আহে
স্মৃতিৰ আন্ধাৰ কোঠালীত।
খেপিয়াই খেপিয়াই বিচাৰে
শৈশৱে চুমা অঁকা অতীতৰ ছবি।
দিখৌৰ পাৰত বহি
প্ৰকৃতিৰ দেওলগা মিচিকিয়া হাঁহি দেখি
উৰি যায় মন ময়ূৰী
শৈশৱে ধুই যোৱা সেই সোণালী দিন বিচাৰি।
ঠিকনাঃ তেজপুৰ







