বকুল তলৰ পদূলিত ৰৈ
চেনেহীয়ে অপেক্ষাৰে দিন গণে
ডাকোৱাল আহিব
লগত আনিব
মাদকতা আৱেগ ভৰা
সুঘ্ৰাণ হৃদয়ৰ৷
জীৰ্ণ চাইকেলৰ কেৰ্ কেৰ্ শব্দ
টিলিঙাৰ টিলিং টিলিং মাতত
এবুকু আশাৰ সিয়নিয়ে ছিলোৱা
ডাকোৱালৰ খবৰৰ টোপোলাত বাগৰি আহে
মহঙা সুগন্ধ।
হৃদয়ৰ নীলা খামৰ দীঘ বাণীত
লুকাই থাকে সপোন অথবা আশা ভংগৰ বতৰা
প্ৰতিনিয়নত বেনামৰী চিঠিৰ
হালধীয়া খামেৰে ভৰি পৰে
কোনোবা যৌৱনমতী গাভৰুৰ হৃদয়
বন্ধ খামৰ বুকুৰ উশাহ
আৰু
বিৰহী প্ৰেমিকৰ বেদনাৰ চিয়াহীৰে
লিখা অচিনাকি কলমৰ খেচখেচনিবোৰ
বুকুচাত বৈ ভাগৰুৱা ডাকুৱালে হাঁহে
কাৰোবাক দিয়াৰ প্ৰাপ্তিত
কাৰণ
তেওঁৰ বাবেই ৰৈ থাকে বহুজন
আহিব ডাকুৱাল .....
অথচ চিনাকি নহয় এতিয়া ডাকুৱাল
নৱপ্ৰজন্মই নাজানে ডাকোৱাল কোন নুবুজে
চিঠিৰ মিঠা আমেজ
হোৱাটচ্ এপ, ফেচবুকৰ ইনবক্স
বিজ্ঞানৰ নতুন আৱিষ্কাৰত উৱলি গ'ল
এতিয়া ডাকুৱালৰ সেই ঠিকনা
তথাপিও
উদাসীন মনে এতিয়াও বিচাৰে
আপোনভোলা ডাকোৱাল কঁকাইয়ে
লৈ আনক
আপোনজনৰ এখন চিঠি
আৰু লৈ দৌৰ দিওঁ কোনেও নেদেখাকৈ
পঢ়ি ৰও হাজাৰবাৰ৷
চেনেহীয়ে অপেক্ষাৰে দিন গণে
ডাকোৱাল আহিব
লগত আনিব
মাদকতা আৱেগ ভৰা
সুঘ্ৰাণ হৃদয়ৰ৷
জীৰ্ণ চাইকেলৰ কেৰ্ কেৰ্ শব্দ
টিলিঙাৰ টিলিং টিলিং মাতত
এবুকু আশাৰ সিয়নিয়ে ছিলোৱা
ডাকোৱালৰ খবৰৰ টোপোলাত বাগৰি আহে
মহঙা সুগন্ধ।
হৃদয়ৰ নীলা খামৰ দীঘ বাণীত
লুকাই থাকে সপোন অথবা আশা ভংগৰ বতৰা
প্ৰতিনিয়নত বেনামৰী চিঠিৰ
হালধীয়া খামেৰে ভৰি পৰে
কোনোবা যৌৱনমতী গাভৰুৰ হৃদয়
বন্ধ খামৰ বুকুৰ উশাহ
আৰু
বিৰহী প্ৰেমিকৰ বেদনাৰ চিয়াহীৰে
লিখা অচিনাকি কলমৰ খেচখেচনিবোৰ
বুকুচাত বৈ ভাগৰুৱা ডাকুৱালে হাঁহে
কাৰোবাক দিয়াৰ প্ৰাপ্তিত
কাৰণ
তেওঁৰ বাবেই ৰৈ থাকে বহুজন
আহিব ডাকুৱাল .....
অথচ চিনাকি নহয় এতিয়া ডাকুৱাল
নৱপ্ৰজন্মই নাজানে ডাকোৱাল কোন নুবুজে
চিঠিৰ মিঠা আমেজ
হোৱাটচ্ এপ, ফেচবুকৰ ইনবক্স
বিজ্ঞানৰ নতুন আৱিষ্কাৰত উৱলি গ'ল
এতিয়া ডাকুৱালৰ সেই ঠিকনা
তথাপিও
উদাসীন মনে এতিয়াও বিচাৰে
আপোনভোলা ডাকোৱাল কঁকাইয়ে
লৈ আনক
আপোনজনৰ এখন চিঠি
আৰু লৈ দৌৰ দিওঁ কোনেও নেদেখাকৈ
পঢ়ি ৰও হাজাৰবাৰ৷







