একেই আকাশ
পাৰ্থক্য মাথো এটাই,
কলীয়া মেঘে ঢাকিছে
মোৰ সপোনৰ আকাশ৷
হুৰ-হুৰাই কান্দিছে
মোৰ হৃদয়ে;
কাৰণ,
মুক্ত আকাশ একোখন মোৰ নাই
জীৱন আছে মোৰ
কিন্তু সুখ নাই,
মৃত্যু আছে মোৰ
শৰীৰৰ সমাধি নাই৷
আজীৱন ক'লা ৰঙৰ বিপৰীতে
ৰঙীন নাপালো জীৱনত
হৃদয়ৰ এচুকত থকা
আন্ধাৰ কোঠালিতোয়ে
মোৰ সপোনৰ হৈ পৰিল ঘৰ;
য'ত নাই সপোনৰ বৰ্ণিল ৰংং
হেঁঁপাহৰ বৰ্ণাঢ্য মন,
সুখৰ নিৰিবিলি ছাঁ
পালো মাত্ৰ মনৰ আকাশত
হিয়াই ভৰাই
কলীয়া মেঘৰ ছাঁ..... ৷
ঠিকনাঃ বোকাখাত
দূৰভাষঃ ৮৪৮৬৫২৬৫৫১
পাৰ্থক্য মাথো এটাই,
কলীয়া মেঘে ঢাকিছে
মোৰ সপোনৰ আকাশ৷
হুৰ-হুৰাই কান্দিছে
মোৰ হৃদয়ে;
কাৰণ,
মুক্ত আকাশ একোখন মোৰ নাই
জীৱন আছে মোৰ
কিন্তু সুখ নাই,
মৃত্যু আছে মোৰ
শৰীৰৰ সমাধি নাই৷
আজীৱন ক'লা ৰঙৰ বিপৰীতে
ৰঙীন নাপালো জীৱনত
হৃদয়ৰ এচুকত থকা
আন্ধাৰ কোঠালিতোয়ে
মোৰ সপোনৰ হৈ পৰিল ঘৰ;
য'ত নাই সপোনৰ বৰ্ণিল ৰংং
হেঁঁপাহৰ বৰ্ণাঢ্য মন,
সুখৰ নিৰিবিলি ছাঁ
পালো মাত্ৰ মনৰ আকাশত
হিয়াই ভৰাই
কলীয়া মেঘৰ ছাঁ..... ৷
ঠিকনাঃ বোকাখাত
দূৰভাষঃ ৮৪৮৬৫২৬৫৫১







