অভিমান......✍ ভাস্বতী দেৱী

আজৰি পালে ৰাতিৰ আকাশৰ
জোনটোক সুধিবা
মোৰ খবৰ,
কবিতাৰ বিশাল সাগৰখনৰ পাৰত ৰৈ
সাগৰক সুধিবা মোৰ খবৰ,
ৰ'দৰ জিলিকনিত সাগৰে উজলি জনাব,
মোৰ হৰ্ষৰ বতৰা...।
নতুবা অমানিশাৰ ৰাতি ক্লান্ত হৈ জনাব,
মোৰ বিষাদৰ বতৰা...।
নহ'লে অভিমান কৰি শুই পৰিব,
নিদ্ৰাৰ কোলাত...।
নিস্তব্ধ সাগৰৰ বুকুত বিচাৰিবাচোন...
মোৰ বিষাদে দগ্ধ মনটোক,
কিজানিবা পোৱা হৃদয়ৰ
কোনো এটা জৰাজীৰ্ণ টুকুৰা...।
এয়া মাথোঁ অনুৰোধ
মোক অভিমান নকৰিবা কেতিয়াও,
সহিব নোৱাৰে বিষাদ দগ্ধ হৃদয়ে

অভিমান...!!!
মাথোঁ ভালপোৱাবোৰৰ মাজতেে
মই আৰু মৌন সময়...।

ঠিকনাঃ নলবাৰী