হে নাৰী,
তুমি অনন্যা ৷
এখন ঘৰৰ
তুমিয়েই জীয়ৰী,
আনখন ঘৰৰ
তুমিয়েই বোৱাৰী ৷
শাওণৰ পথাৰত
তুমিয়েই ৰোৱনী,
আঘোণৰ পথাৰত
তুমিয়েই দাৱনী ৷
ঘৰলৈ আহি
তুমিয়েই ৰান্ধনী
তুমিয়েই গৃহিণী ৷
তুমি জননী,
নতুন সৃষ্টিৰ গৰাকী
সন্তানৰ আদি-গুৰু ৷
তুমি লিগিৰী
তুমি কুৱঁৰী
তুমি ৰাজৰানী ৷
তুমিয়েই আদি
তুমিয়েই অন্ত,
কাৰোবাৰ বাবে লখিমী
কাৰোবাৰ বাবে ডাইনী ৷
তুমি বিণে অস্তিত্বহীন
এই ধৰণী৷
ঠিকনাঃ দুলীয়াজান
তুমি অনন্যা ৷
এখন ঘৰৰ
তুমিয়েই জীয়ৰী,
আনখন ঘৰৰ
তুমিয়েই বোৱাৰী ৷
শাওণৰ পথাৰত
তুমিয়েই ৰোৱনী,
আঘোণৰ পথাৰত
তুমিয়েই দাৱনী ৷
ঘৰলৈ আহি
তুমিয়েই ৰান্ধনী
তুমিয়েই গৃহিণী ৷
তুমি জননী,
নতুন সৃষ্টিৰ গৰাকী
সন্তানৰ আদি-গুৰু ৷
তুমি লিগিৰী
তুমি কুৱঁৰী
তুমি ৰাজৰানী ৷
তুমিয়েই আদি
তুমিয়েই অন্ত,
কাৰোবাৰ বাবে লখিমী
কাৰোবাৰ বাবে ডাইনী ৷
তুমি বিণে অস্তিত্বহীন
এই ধৰণী৷
ঠিকনাঃ দুলীয়াজান







