মৰমৰ..
মৰম ল'বা। কোৱাৰ অধিকাৰ নাই যদিও ক'লো মৰমৰ বুলি। কাৰণ মই তোমাৰ নহ'লেও তুমি মোৰ খুব মৰমৰ আছিলা আৰু এতিয়াও আছা। তোমাৰ ভালেই চাগে? ভাল নহ'বনো কিয়! এতিয়াটো তুমি ভাল লগা কাৰোবাৰ মৰমৰ আৱেষ্টনীত আছা। তোমাতকৈ সুখী চাগে কোনো নাই এতিয়া৷
মোৰ খবৰ নুসুধিবা। তোমাৰ অবিহনে মোৰ যে কোনো অস্তিত্বই নাছিল। মোৰ যি আছিল সকলো তোমাৰেই আছিল। এতিয়া তুমি নথকাত নিজকে খুব অকলশৰীয়া যেন লাগে। হাজাৰ মানুহৰ ভিৰতো যেন মোৰ কোনোৱেই নাই তেনে লাগে। সুখী আছিলো ময়ো; তুমি যেতিয়া মোৰ আছিলা, সপোনবোৰ যেতিয়া আপোন আছিল। তোমাৰ স'তে ৰঁচা ৰঙীন সপোনবোৰ আজি সপোন হৈয়ে ৰ'ল। সপোনবোৰ বাস্তৱ হোৱাৰ দিশে আগবাঢ়োতেই সাৰ পাই গ'লো টোপনিৰপৰা৷
আচলতে সাৰ পাব খোজা নাছিলো মই। বহুবাৰ সাৰ পাইও চকু মুদি টোপনি যোৱাৰ চেষ্টা কৰিছিলো। ইমানবোৰ মধুৰ সপোন দেখাৰ পিছত গধূৰ বাস্তৱ এটাক দাঙি লোৱাৰ সাহস কৰিব পৰা নাছিলো। কিন্তু অৱশেষত আপোন সপোনবোৰ এৰি মই গধূৰ বাস্তৱলৈ ঘূৰি আহিছিলো।
তোমাৰ জীৱনৰ পৰা একেবাৰেই আঁতৰি অহাৰ সিদ্ধান্ত লৈছিলো। আৰু আঁতৰিও আহিলো হয়তো। সময়ৰ সতে খোজ মিলাবলৈ গৈ নিজকে দুখবোৰৰ পৰা আঁতৰাই ৰাখিলো। কিন্তু কি ক'বা? সময় নামৰ ঔষধটোৱে মোৰ মনৰ ভিতৰৰ ঘাঁ টুকুৰা শুকুৱাব নোৱাৰিলে কোনোদিনে। আৰু আজি সেয়ে মোৰ অবাধ্য আঙুলিকেইটাই লিখিবলৈ বাধ্য হ'ল তোমালৈ বুলি মোৰ মনৰ বতৰা৷
তুমি হয়তো মোক একেবাৰেই পাহৰি গ'লা। মোক ক্ষমা কৰিবা। তুমি যে কৈছিলা তোমাক এটা বেয়া সপোন বুলি পাহৰি যাবলৈ। মই তোমাৰ কথা পাহৰিব নোৱাৰিলো। সেয়ে মোক ক্ষমা কৰিবা। এয়াই চাগে প্ৰথম তোমাৰ কথা নৰখা। পৰা হ'লে ইয়াকো ৰাখিবলৈ চেষ্টা কৰিলোহেঁতেন। আচলতে চেষ্টাও নকৰা নহয়, মাথো সফলহে নহ'লো।
কেনেকৈ বাৰু ভাবো তোমাক বেয়া সপোন বুলি। তোমাৰ লগত কটোৱা সময়বোৰেইটো মোৰ জীৱনৰ আটাইতকৈ ৰঙীন সপোন আছিল। সেই মধুৰ সময়বোৰক কেনেকৈ বাৰু পাহৰো? তোমাক মই বেয়া পোৱা নাই। কিয় বাৰু বেয়া পাম? তুমি সুখী হোৱাটোৱে বিচাৰিছিলো মই। এতিয়া তোমাৰ সুখত মই কিয় বেয়া পাম। তুমি সলনি হোৱাত মোৰ দুখ নলগা নহয়, কিন্তু তুমি যে সুখী।
মই সলনি হোৱা নাই জানা? আগৰদৰেই ঢেকঢেকাই হাঁহো। এতিয়াৰ হাঁহি আৰু তেতিয়াৰ হাঁহিৰ মাজত পাৰ্থক্য মাথো এটাই। আজি সেই হাঁহিৰ মাজত আগৰদৰে উলাহ বিচাৰি নেপাওঁ।
তোমাক এটা খবৰ দিবৰ বাবে চিঠিখন লিখিছিলো। মোৰ তেজত কেঞ্চাৰ ৰোগ বিয়পি আছে বুলি ডাক্তৰে ধৰা পেলালে। এতিয়া লাষ্ট ষ্টেজত আছো। হয়তো আৰু বেছিদিন জীয়াই নাথাকিম মই। সেয়ে মোৰ মৃত্যুৰ পিছত মাহতৰ খবৰ এটা কৰিবা, এজন বন্ধু হিচাপে। মোৰ আত্মাই শান্তি পাব। ঠিকনা সেই আগৰটোৱে৷
শেষত মৰমে
তোমাৰ
অঃ চ'ৰি,
প্ৰান্তত
জুমি







