এখন ৰুগীয়া সমাজৰ
জীৰ্ণ পজাত
মোৰ জন্ম
পত্ৰ পুষ্পে বাঢ়ি অাহে
হৃদয়ৰ নদীৰ তীৰত
যাতনাৰ তৰু
যোৱাটো বানে
থানবান কৰি গ'ল
সম্ভাৱনাৰ সকলো প্ৰতিশ্ৰুতি
পলশত ঠন ধৰি উঠিল মাথো
দুখ দৈন্যৰ পোখা
অাজিও
অাহিম বুলি কোৱাজনলৈ
বাট চাই অাছো
খুলি লৈ হৃদয়ৰ শূন্য সঁফুৰা৷
জীৰ্ণ পজাত
মোৰ জন্ম
পত্ৰ পুষ্পে বাঢ়ি অাহে
হৃদয়ৰ নদীৰ তীৰত
যাতনাৰ তৰু
যোৱাটো বানে
থানবান কৰি গ'ল
সম্ভাৱনাৰ সকলো প্ৰতিশ্ৰুতি
পলশত ঠন ধৰি উঠিল মাথো
দুখ দৈন্যৰ পোখা
অাজিও
অাহিম বুলি কোৱাজনলৈ
বাট চাই অাছো
খুলি লৈ হৃদয়ৰ শূন্য সঁফুৰা৷







