মই অসমীয়া......✍ হৰিকান্ত দুৱৰা

মই থলগিৰী অসমীয়া
মোৰ দেউতা, মা, ক‌কাই, বাই আৰু
ভাইটিটো অসমীয়া ।
মোৰ বৌহঁতো অসমীয়া
অসমীয়া মোৰ প্ৰথম পৰিচয়
অসমীয়া ভাষা মোৰ
আপোনতকৈও আপোন
মোৰ লগত কথা পাতিবি
মই হিন্দী নাজানো
ইংৰাজীও নাজানো
অসমীয়া ভাষাৰ বাদে মই একো ভাষাই নাজানো ।
সেয়ে মোক সকলোৱে গাৱঁলীয়া ধোঁত বুলি হাঁহে
হাঁহক ! কিমান হাঁহিবি মোক
তই নুবুজ মোৰ বেদনা কিমান ?
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬
মোৰ বুকুত জাপি দি
মোৰ দেশতেই মোক সংখ্যালঘু কৰিব বিচাৰিছে
মই প্ৰতিবাদ কৰিছো, চিঞঁৰিছো
মোক হিন্দু বা মুছলমান বা খৃষ্টান ধৰ্মৰ বিদেশী নালাগে
মোক মোৰ দেশত শান্তিৰে জীয়াই থাকিব লাগে ।
কাৰ্বি, বড়ো, মিৰি
কছাৰী, ৰাভা, আহোম, চুতীয়া
মটক, মৰাণ, কোঁচ ৰাজবংশী
গোৰ্খা, চাহ জনগোষ্ঠী আদি আৰু
১৯৭১ চনৰ আগত বাস কৰা
হিন্দু, মুছলমান, খ্ৰীষ্টান মিলি
মই অসমীয়া
হাড়ে হিমজুৱে অসমীয়া ।