অান্ধাৰ মই .......
খলকনি তুলি অাৰ্তনাদৰ কুলাই পাছিৰ ক'লা অাবিৰত
বহু অাক্ৰোশৰ পল নিগৰাইছো ।
বিদ্ৰোহ সখা, শুভ্ৰ নিয়তি মোৰ ।
ধৰ্ষিতা অমানিশাৰ উজাগৰি সাক্ষী মই
অশ্ৰুৰ লুণিয়া স্বাদত ওষ্ঠাধৰ
মোৰ অধ্যায়৷
জীৱনৰ অাচলত থিতাপি মোৰ
অন্তহীন মই, অব্যক্ত অাৱৰণ মোৰ
অালোক মৰিচিকাৰ সংজ্ঞা
অান্ধাৰ মই.....
খলকনি তুলি অাৰ্তনাদৰ কুলাই পাছিৰ ক'লা অাবিৰত
বহু অাক্ৰোশৰ পল নিগৰাইছো ।
বিদ্ৰোহ সখা, শুভ্ৰ নিয়তি মোৰ ।
ধৰ্ষিতা অমানিশাৰ উজাগৰি সাক্ষী মই
অশ্ৰুৰ লুণিয়া স্বাদত ওষ্ঠাধৰ
মোৰ অধ্যায়৷
জীৱনৰ অাচলত থিতাপি মোৰ
অন্তহীন মই, অব্যক্ত অাৱৰণ মোৰ
অালোক মৰিচিকাৰ সংজ্ঞা
অান্ধাৰ মই.....







