তোমাৰ প্ৰেমত ওপঙি ফুৰিছো
নিঃশব্দ ঢৌৰ স'তে...।
মাথোঁ এটাই প্ৰশ্ন...
লগ পামনে তোমাক,
সলাজ দৃষ্টিত এটা ৰঙীণ ছবি...
আশাৰ এখোজ বতৰা লৈ
ধৰাৰ বুকুলৈ নামি আহিছে...
তোমাৰ মৰমৰ প্ৰতিচ্ছবি...।
নিছিদ্ৰ প্ৰহৰী হৈ উজলাইছে বুকু...,
বাৰে বাৰে সুধিছে,
কেনে আছা তুমি...,
ফাগুনৰ ধুলিয়ৰী পৰ্দা গুচাই
উন্মাদ মনটোৱে যে আকৌ লহৰ তুলিছে...,
তুলিছে সুৰৰ ঝংকাৰ...।
সুৰ, তাল, লয় সংগত কৰি ৰচিছে
এক অচিনাকি সুৰ...।
প্ৰেমৰ আকুলতাত হাহাকাৰ কৰি থকা হৃদয় খনে,
সশব্দে বিচাৰিছিল তোমাৰ আলিংগন...।
বিচাৰিছিল, তোমাৰ মৰম...।
তোমাৰ মৰমৰ পম খেদি খেদিও
আজি এটাই মাথোঁ প্ৰশ্ন,
লগ পামনে তোমাক... ?
নিঃশব্দ ঢৌৰ স'তে...।
মাথোঁ এটাই প্ৰশ্ন...
লগ পামনে তোমাক,
সলাজ দৃষ্টিত এটা ৰঙীণ ছবি...
আশাৰ এখোজ বতৰা লৈ
ধৰাৰ বুকুলৈ নামি আহিছে...
তোমাৰ মৰমৰ প্ৰতিচ্ছবি...।
নিছিদ্ৰ প্ৰহৰী হৈ উজলাইছে বুকু...,
বাৰে বাৰে সুধিছে,
কেনে আছা তুমি...,
ফাগুনৰ ধুলিয়ৰী পৰ্দা গুচাই
উন্মাদ মনটোৱে যে আকৌ লহৰ তুলিছে...,
তুলিছে সুৰৰ ঝংকাৰ...।
সুৰ, তাল, লয় সংগত কৰি ৰচিছে
এক অচিনাকি সুৰ...।
প্ৰেমৰ আকুলতাত হাহাকাৰ কৰি থকা হৃদয় খনে,
সশব্দে বিচাৰিছিল তোমাৰ আলিংগন...।
বিচাৰিছিল, তোমাৰ মৰম...।
তোমাৰ মৰমৰ পম খেদি খেদিও
আজি এটাই মাথোঁ প্ৰশ্ন,
লগ পামনে তোমাক... ?







