জানা,আজি ৰাতি মোৰ হৃদয়ে
এজাক বৰষুণ বিচাৰিছে,
মোৰ হৃদয়ে তোমাক পাবলৈ হাহাকাৰ কৰিছে ৷
তুমি মোক মাথোঁ এবাৰ স্পৰ্শ কৰা…
তুমি জানো দিব পাৰিবা ?
মোক হৃদয় জুৰোৱা এজাক বতাহ…
নে দিব বিচৰা সেই প্ৰখৰ ৰ'দ?
যি ৰ'দে মোৰ কুমলীয়া হৃদয় পুৰি চূৰ্ণ কৰিব ৷
তুমি মোৰ মনত বৰষুণ হৈ ৰ'ব নিবিচাৰা যদি
এটোপাল নিয়ৰ হৈ পৰিবতো পাৰা,
ৰাতি জীপাল কৰিবা
আৰু পুৱা শুকাই যাবা… !
এজাক বৰষুণ বিচাৰিছে,
মোৰ হৃদয়ে তোমাক পাবলৈ হাহাকাৰ কৰিছে ৷
তুমি মোক মাথোঁ এবাৰ স্পৰ্শ কৰা…
তুমি জানো দিব পাৰিবা ?
মোক হৃদয় জুৰোৱা এজাক বতাহ…
নে দিব বিচৰা সেই প্ৰখৰ ৰ'দ?
যি ৰ'দে মোৰ কুমলীয়া হৃদয় পুৰি চূৰ্ণ কৰিব ৷
তুমি মোৰ মনত বৰষুণ হৈ ৰ'ব নিবিচাৰা যদি
এটোপাল নিয়ৰ হৈ পৰিবতো পাৰা,
ৰাতি জীপাল কৰিবা
আৰু পুৱা শুকাই যাবা… !







