হে জন্মদাত্ৰী মাতৃ......✍ হাচান মোক্তাদীৰ আহমেদ

হে জনমদাত্ৰী মাতৃ
পৃথিৱীৰ মুখনি দৰ্শন কৰাৰ পূৰ্বে,
তোমাৰ গৰ্ভতেই মোৰ জীৱনৰ
নৱ- প্ৰেমৰ সম্পৰ্ক উঠিছিল গঢ়ি ৷

প্ৰথম সাক্ষাৎকাৰৰ দিনা বৰ কষ্ট হৈছিল…
যদিও ওঁঠৰ মাজত জিলিকি উঠিছিল,
তোমাৰ ভুৱন- ভুলোৱা এটি ৰঙীন হাঁহি ৷

যন্ত্ৰণাৰ বাধা নেওচি সুখৰ পৰশ বিচাৰি
অবিৰামভাৱে চলে তোমাৰ জয়যাত্ৰা,
কিমান যে ধৈৰ্য্যশীলা ৰমণী তুমি
তোমাৰ চৰণত শতকোটি প্ৰণাম অ' আই ৷

নেথাকিব পাৰে তোমাৰ শিক্ষা-দীক্ষা
তথাপি জগতৰ শ্ৰেষ্ঠ জ্ঞানী ব্যক্তি তুমি,
ফুলকুমলীয়া বয়সতে কোন পথত
কেতিয়া হৰুৱালো বিশেষ একো নেজানো ৷
আনকি প্ৰতিচ্ছবি চকুত আজি
নুঠে ভাঁহি…

মাথোঁ এয়াই মনত আছে  অ' আই
ফলিত লিখাৰ পিছত আঁঁচলৰ বান্ধটো খুলি,
হাতত দিয়া কেচা মুদ্ৰাবোৰৰ কথা ৷