মুক্ত আকাশৰ দুটি তেজাল পক্ষী
অন্তহীন আশাৰে সীমনা ভেদি
উৰি আহিছিল নৈসৰ্গিক শোভা পান কৰিবলৈ,
তৃষ্ণাতুৰ সিঁহত, প্ৰকৃতিৰ ৰূপমাদকতাত
বিচাৰে সৃষ্টিৰ মৌ-কোঁহ ৷
নিৰীহ প্ৰাণত নাই বৰ্বৰতা, স্বাৰ্থপৰতা
নাই বাসনাই খেদি ফুৰা মন,
নুবুজে সিহঁকে পাশৱিকতা
অথচ
নীলা আকাশৰ কলা ডাৱৰে
আগচি ধৰিল সিহঁতক ৷
দৈত্য-দানৱৰ দৰে
অজ্ঞাত ব্যাধৰ শৰত ঢলি পৰিল,
সেউজ বননি ৰাঙলী কৰি ৷
পশ্চিমত লুকাল সূৰুয
গছৰ আঁৰত ৰঙা হ'ল শিল ৷
শিলে-শিলে বৈ গ'ল শোণিত নিজৰা,
কৈ গ'ল কৰুণ কাহিনী ৷
সম্ভিত কৰি আকাশ- পাতাল
ম্ৰিয়মাণ হ'ল সকলো,
হেৰাই গ'ল সৃষ্টিৰ উৎস
হেৰাল পংক্তি কবিতাৰ…
প্ৰতিধ্বনি হ'ল বিহগৰ সুললিত সুৰ,
থাকি গ'ল জনমানসত গুজৰি- গুমৰি
এটি মাথোঁ 'আধৰুৱা কবিতা৷'
অন্তহীন আশাৰে সীমনা ভেদি
উৰি আহিছিল নৈসৰ্গিক শোভা পান কৰিবলৈ,
তৃষ্ণাতুৰ সিঁহত, প্ৰকৃতিৰ ৰূপমাদকতাত
বিচাৰে সৃষ্টিৰ মৌ-কোঁহ ৷
নিৰীহ প্ৰাণত নাই বৰ্বৰতা, স্বাৰ্থপৰতা
নাই বাসনাই খেদি ফুৰা মন,
নুবুজে সিহঁকে পাশৱিকতা
অথচ
নীলা আকাশৰ কলা ডাৱৰে
আগচি ধৰিল সিহঁতক ৷
দৈত্য-দানৱৰ দৰে
অজ্ঞাত ব্যাধৰ শৰত ঢলি পৰিল,
সেউজ বননি ৰাঙলী কৰি ৷
পশ্চিমত লুকাল সূৰুয
গছৰ আঁৰত ৰঙা হ'ল শিল ৷
শিলে-শিলে বৈ গ'ল শোণিত নিজৰা,
কৈ গ'ল কৰুণ কাহিনী ৷
সম্ভিত কৰি আকাশ- পাতাল
ম্ৰিয়মাণ হ'ল সকলো,
হেৰাই গ'ল সৃষ্টিৰ উৎস
হেৰাল পংক্তি কবিতাৰ…
প্ৰতিধ্বনি হ'ল বিহগৰ সুললিত সুৰ,
থাকি গ'ল জনমানসত গুজৰি- গুমৰি
এটি মাথোঁ 'আধৰুৱা কবিতা৷'







