জীৱনে দিয়া জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তিবোৰ......✍ জ্ঞানশ্ৰী গগৈ

জীৱনে সময়ৰ ডেউকাত উঠি আকাশী সৰগ ভাঙি যোৱাৰ পিছতো প্ৰেমৰ সাঁকোত উঠা- নমা কৰি স্থিৰ সিদ্ধান্ত ল'বলৈ বাধ্য হয়। জীৱনৰ নিভাঁজ হৃদয়ৰ জীয়া সপোনৰ স্মৃতিক সাবটি পাৰ কৰে জীৱনৰ বিয়লি বেলিকা। বিধস্ত কৰা সপোনৰ বা-মাৰলীয়ে পম খেদি খেদি নিৰ্জন ৰাতিবোৰত তপত অশ্ৰুবোৰ মচি হৃদয়ৰ সজীৱ সময়বোৰ ৰোমন্থন কৰোঁ...... কিছু অতীতৰ সজীৱ প্ৰেমৰ স্মৃতি..... ভগ্নকায় কিছু অতীত....কিছু বৰ্তমানৰ। মানুহৰ বুকুত ভালপোৱা জাগে নিবিড়ভাৱে....গোপনে গোপনে.... প্ৰথমবাৰৰ বাবে।আচলতে প্ৰথম প্ৰেমৰ মাদকতা তথা স্মৃতি কিছু সুকীয়া। মনত পৰে  তোমাৰ আৰু মোৰ সেই সোণবৰণীয়া নদীৰ পাৰৰ আবেলিবোৰ, মুক্ত বতাহ আৰু কলেজৰ মধুৰ দিনবোৰ৷ য'ত নেকি মোৰ বুকুত তুমি খোপনি পুতিছিলা অজানিতে আৰু মোৰ বাবে তুমি হৈছিলা জীয়াই থকাৰ প্ৰেৰণা। মনত পৰে আজিও সেই কলেজীয়া দিনবিলাক....... কেতিয়াবা যে ক্লাছৰ শেষত তোমাক বিচাৰি সকলোতে চলাথ কৰাৰ পিছত এপলক দেখা নাপালে মনতো উৰুঙা উৰুঙা লাগিছিল আৰু তেতিয়াযে দেখা পাওঁ লগৰকেইজনীৰ আঁৰত তুমি মোৰ পিনে দুষ্ট হাঁহিৰে চাই থকাৰ দৃশ্য।
কলেজীয়া দিনৰ সেই প্ৰথমদিনা  শিলিখা গছজোপাৰ তলৰ শ্লেবত প্ৰথমবাৰৰ বাবেই প্ৰেমৰ বীজ সিঁচিছিলা।তাৰপিছত এনেকুৱা এটা দিন নাই যি ক্লাছৰ ফাঁকে ফাঁকে কৃষ্ণচূড়া, আমলখিৰ তলে- তলে অনৰ্গল হাঁহি আৰু কথা কৈ তুমি কৰা জীৱনৰ জীয়া কল্পনাবোৰ।মই মাথোঁ নিৰলে চাই ৰৈছিলোঁ তোমাৰ তিৰবিৰাই থকা দুচকুলৈ। প্ৰাণভৰি সুখ লভিছিলোঁ তোমাৰ হাঁহিৰ মুকুতাভৰা সপোনবোৰত। ষ্টেডিয়ামত কৈ উঠিছিলা মুক্ত আকাশৰ তলত হাঁহি হাঁহি.... "ঐ,,,ইমান গহীন হৈ দুষ্ট চাৱনিৰে চাই নাথাকিবা। তোমাৰ দৰে যদি আমাৰ মাইনাটো গহীন হয়, মই কাৰ লগত ওমলিম হাঁ ,,,"
খিলখিল কৈ হাঁহি,,,,,,,
সেইসময়ত যেন নাছিল একো ক'বলৈ.... মোৰ মাথোঁ তোমাৰ হাঁহিবোৰে বুকু ভৰাই ৰাখিছিল। তোমাৰ দুচকুৰ ভাষা আৰু প্ৰাপ্তিৰ সুখৰ হাঁহিবোৰ..... মোৰ সকলো প্ৰশ্ন ওঁঠৰ মাজত হেৰাই গৈছিল।নিৰৱে বুকুত সাবটি সাবটি তোমাৰ মনৰ ভাষাবোৰ পঢ়ি পঢ়ি সঁচাই পৃথিৱীৰ আটাইতকৈ সুখ অনুভৱ কৰিছিলোঁ। অবুজ অভিমানী হৈ উঠিলেও তোমাৰ মৰম আব্দাৰবোৰত অভিমানী খংবোৰ সৰসৰাই গলি গৈছিল।
জীয়া সপোনবোৰ তুমি ভবাৰ দৰে হ'ল বুন, মাথোঁ তুমি কোৱাৰ দৰে মাইনাটো মোতকৈ বেছি ম্লান আৰু তাৰ মুখত নিস্তেজ হাঁহি। কাৰণ ওমলিবলৈ যে তুমি কাষত নাথাকিলা৷
সেয়েহে আজি প্ৰতিটো ৰাতিৰ প্ৰহৰবোৰত তোমাৰ অস্তিতক বিচাৰি বিচাৰি কৈ উঠো জীৱনে দিয়া জীৱনৰ সুখ, হাঁহিবোৰ বৰ নিৰ্দয়। জীৱনৰ আশা- প্ৰত্যাশ্যাৰ মাজতে যেন মিহলি হৈ থাকে অপূৰ্ণ বাসনা।

আকাশ আজি মোৰ নাই নাই
বতাহ আজি মোৰ নাই নাই
নদী মৰু হৈ কিয় যায়
কি অভিশাপত হায়
নিষ্ঠুৰ দেৱতাৰ বিচাৰ নাই বিচাৰ নাই। (২৪৬)
(ড° নিৰ্মলপ্ৰভা বৰদলৈ)