বুকুত অযুত সপোন
মুক্ত মনে উৰিবলৈ
মোৰো মন যায় বহুত
সেউজীয়া অৰণ্য খনি
হেঁপাহ পলুৱাই চাবলৈ
মোৰো মন যায়।
আহ্ কি এই সেউজীয়া পৃথিৱী
সুৰ হৈ ভাঁহি আহে প্ৰকৃতিৰ বিনন্দীয়া মাত।
এৰা! সেউজীয়াৰ বুকুতেই
সৃষ্টি কৰিবৰ মন যায়
প্ৰেমৰ কবিতাবোৰ
আঁকিবৰ হেঁপাহ বিচিত্ৰ পৃথিৱীৰ
এখনি মনোৰম ছবি।
বুকুত গুজি থোৱা সপোনবোৰ জানো
মেলি দিব পাৰিম এই দানৱৰ মাজত ?
ভয় লাগে দেখোন বহুত
দানৱৰ গচকত ভাঙি যায় যদি
মোৰ আইনা সদৃশ সপোনবোৰ।
বনৰ মাজত ছটফটাইছে
অভাগিনী হৰিণীজনীয়ে
মৃত্যু সমাগত বুজিবলৈ বাকী নাই
চিকাৰীৰ শৰে ভেদিলে তাইৰ বুকু।
অমানিশাৰ ঘোৰ অন্ধকাৰত
মুক্ত মনে ঘূৰি ফুৰিছে চোৱা
সৌদল নৰপিশাচ,
যাৰ ভয়ত হেৰাই গ'ল
মানৱীয় মূল্যবোধ
মানৱ স্বাধীনতা।।
মুক্ত মনে উৰিবলৈ
মোৰো মন যায় বহুত
সেউজীয়া অৰণ্য খনি
হেঁপাহ পলুৱাই চাবলৈ
মোৰো মন যায়।
আহ্ কি এই সেউজীয়া পৃথিৱী
সুৰ হৈ ভাঁহি আহে প্ৰকৃতিৰ বিনন্দীয়া মাত।
এৰা! সেউজীয়াৰ বুকুতেই
সৃষ্টি কৰিবৰ মন যায়
প্ৰেমৰ কবিতাবোৰ
আঁকিবৰ হেঁপাহ বিচিত্ৰ পৃথিৱীৰ
এখনি মনোৰম ছবি।
বুকুত গুজি থোৱা সপোনবোৰ জানো
মেলি দিব পাৰিম এই দানৱৰ মাজত ?
ভয় লাগে দেখোন বহুত
দানৱৰ গচকত ভাঙি যায় যদি
মোৰ আইনা সদৃশ সপোনবোৰ।
বনৰ মাজত ছটফটাইছে
অভাগিনী হৰিণীজনীয়ে
মৃত্যু সমাগত বুজিবলৈ বাকী নাই
চিকাৰীৰ শৰে ভেদিলে তাইৰ বুকু।
অমানিশাৰ ঘোৰ অন্ধকাৰত
মুক্ত মনে ঘূৰি ফুৰিছে চোৱা
সৌদল নৰপিশাচ,
যাৰ ভয়ত হেৰাই গ'ল
মানৱীয় মূল্যবোধ
মানৱ স্বাধীনতা।।







