এটি জোনাক গলা কবিতা......✍ মিলন শইকীয়া

সময়ে কাৰ জীৱনলৈ
কেতিয়া কি ৰং কঢ়িয়াই আনে
কোনে জানে

সীমাহীন ভালপোৱা আৰু
মাত্ৰাধিক বিশ্বাসৰ বাবেও
কোনোজন জানো হ'ব নোৱাৰে প্ৰতাৰিত

বাধ্যতঃ নীৰৱে সাবটি ল'বলগা হয়
এছাটি সন্দিগ্ধৰ ধুমুহা
বিতুষ্ট সময়ে সজায় বলিৰ পঠা
সন্ধিক্ষণত সেয়াই বিধিৰ বিড়ম্বনা

উপলব্ধিত
প্ৰতাৰিত হোৱাতকৈ
ঈগলৰ কঠিন আঁকোৰা নখৰ আঁচোৰত
ৰক্তৰঞ্জিত দেহৰ অসহনীয় যন্ত্ৰণাই যেন শ্ৰেয়ঃ

পৰিণতিত
প্ৰলয়ংকাৰী বানৰ কবলত যিদৰে
উদ্ভাষিত সেউজত ধ্বংসৰ প্লাবন নামে
ঠিক তেনেকৈয়ে
হৃদয় ধ্বজাত জোৱাৰ উঠে
বিৰাগ
বিতৃষ্ণা
বিষন্নতা
চৰম অনিশ্চয়তা আৰু
অনাকাংক্ষিত ব্যৰ্থতাৰ৷