জীৱন যুদ্ধ......✍ ৰিদিপ সোণোৱাল

লুইতৰ বিশাল জলৰাশিত
টুলুং- ভুটুং কৰে
জীৱনৰ নাওখনে
ক্ৰমশ আগুৱাই যাব বিচাৰে
জীৱনৰ অন্তিম সীমালৈ
বাধা দিয়ে সীমনা ঢৌ বতাহে
তথাপি ক্ৰান্ত হোৱা নাই মন
জীৱন যুদ্ধ কৰি যাব
তেজৰ অন্তিম উশাল লৈ
ধুমুহাৰ পাকচক্ৰত পৰি
জীৱনৰ ৰস আনন্দ
ক্ষন্তেকতে নিঃশেষ কৰিছে
অবতৰীয়া কিছুমান কালগ্ৰহই
মকৰা জালৰ প্ৰেৰণাত
নিপোলিয়ন যুদ্ধাই সাহস পোৱা দৰে
জীৱন যুদ্ধত আগুৱাই যাবলৈ
প্ৰেৰণা পাইছো
মহাত্মা গান্ধী কৰিম নহ'লে মৰিম বাণীৰে
পৰাধীনতাৰ শিকলি ছিঙি
দেশৰ মান অটুট ৰাখা
তেজাল ডেকাক জগাই তোলে
জীৱন যুদ্ধখন আগবাঢ়ি যাবলৈ
নৈ কোবাল পানী সুঁতি
ভাঙি জীৱন গঢ়িবলৈ,,,,

ঠিকনাঃ তিনিচুকীয়া