নীলা খামৰ চিঠি......✍ মেহেনাজ সৰকাৰ

হৃদয়ৰ গভীৰৰো গভীৰ প্ৰদেশত আলোড়ন তোলা এমুঠি স্বচ্ছ শীতল সজীৱ বসন্তৰ সাজেৰে তোমালৈ একলম লিখিব পাই নিজকে ধন্য মানিছো৷ মই জানো ইণ্টানেটৰ যুগত চিঠি পঢ়াৰ সময় হয়তো বহুতৰে নাই, লিখাটোও হয়তো বিৰক্তকৰ বিষয়। কাঢ়ি লৈ গ'ল চিঠিৰ মাদকতা, অনুভৱৰ মধুৰতম অপেক্ষা ম’বাইল ফোনে, ইণ্টানেটে, ই–মেইলে । শত্ৰু সিহঁত আমাৰ, ডাঙৰ শত্ৰু। তথাপি হৃদয়ৰ দাবী তোমালৈ লিখিবই লাগিব৷ সেয়ে মৰষাহ কৰি আখৰ হেৰাই যোৱা এই দিনবোৰত, সময়হীন যন্ত্ৰ সৰ্বস্ব মানুহবোৰৰ মাজৰ পৰা তোমালৈ একলম লিখাৰ প্ৰয়াস কৰিলো। মই তোমাক ৰাজপ্ৰসাদৰ পৰা পঁজা ঘৰলৈ আনিব বিচৰা নাই মাথো হৃদয়ৰ পঁজা ঘৰৰ জোলোঙাৰে অহা স্নিগ্ধ জোনাকৰ অনুভৱ খিনি উপলব্ধি কৰাব বিচাৰিছো, প্ৰতিটো নীৰৱ মুহূৰ্তত তুমি তুমি জিকিৰ ধ্বনিৰে কিদৰে জী আছো মই  তাৰ ক্ষণিক আভাস দিব বিচাৰিছো৷ নাজানো দগ্ধ হৃদয়ৰ অৰ্থহীন তেজৰ কণিকাবোৰ কিদৰে ল'বা তুমি ।তথাপি যদি ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াব পাৰা অপদাৰ্থৰ বুকুৰ অনুভৱ খিনি পঢ়িবা হয়তো ডাষ্টবিনৰ আৱৰ্জনাত বিচাৰি পাবা জীৱনৰ অন্য এক মাদকতা৷
জানা, তুমি আঁতৰি যোৱা দিনৰে পৰা বুকুত এজাক বিষ অনুভৱ কৰিছো। ক্ৰমশঃ সেই বিষটো বাঢ়ি গৈ আছে শব্দৰ ফুলকোমলীয়া সেউজ সৰোবৰত আৰু সন্ধান কৰি আছে তুমি তুমি সুগন্ধিৰ প্ৰেমৰ তাৰকা খঁচিত এক নব্য জগত। তুমি মোৰ নোহোৱা এই কথা জনাৰ পিছতো উজাগৰী ৰাতি শব্দৰ সোপোন দেখো । ভাল লগা শব্দবোৰ বুটলি চাওঁ । হয়নে তুলনা  তোমাৰ হাঁহি, ষ্টাইল, কথাৰ মাধুৰ্যৰ সৈ'তে। নাই ! প্ৰতিবাৰেই শব্দবোৰ চূড়ান্তভাৱে ব্যৰ্থতা ঘোষণা কৰে । তথাপি আগুৱাই যোৱাৰ দুৰ্বাৰ হেঁপাহ। সেয়ে কলমক সঙ্গী কৰি লৈছো৷
ৰাতি গভীৰ হয় ঝিলিৰ ঝি ঝি শব্দত। টোপনি গুচি যায় দূৰ বহু দূৰলৈ। তোমাৰ ফটোখন চাওঁ বাৰে বাৰে, মাজে মাজে জুম কৰো। বাঃ ইমান সুন্দৰ হ’ব পাৰে স্ৰষ্টাৰ সৃষ্টি। মই তবধ মানো। সঁচাকৈয়ে তুমি নাৰী, তুমি  শিল্প, তুমি স্ৰষ্টাৰ নিজ হাতে গঢ়া মুগ্ধ নিবিড় বিস্ময়ৰ অনন্ত উৎস ধাৰা। তোমাক আমনি কৰি ভাল নালাগে তথাপি হৃদয়ৰ দাবীক সমৰ্থন জনাই প্ৰলাপবোৰ বকিয়েই পেলালো৷ বাবে পুনৰ ভুলৰ মুখামুখি হ'লো । ভুল কৰি কৰি হিমালয় গঢ়িলো বাবে ক্ষমা প্ৰাৰ্থনা নিবিচাৰিলো। শেষত অযুত নিযুত ভালপোৱাৰ সৰোবৰোৰে.....

ইতি
– তোমাৰ দুৰ্বল ভিক্ষাৰী প্ৰেমিক