উকা পৃষ্ঠা......✍ ঊষা বৰুৱা

আজি সকলোবোৰ পৃষ্ঠাই উকা
নাজানো কিয় ?
গভীৰলৈ সোমাই চালে
হয়তো দেখা পাবা
মনৰ মাজত অহৈতুক
কি ভাৱনা আছে সোমাই৷
আজিৰ পৃষ্ঠাবোৰ উকা,
উকা হৈয়ে ৰওক
পৃষ্ঠাবোৰ ভৰাই তোলাৰ
আজি আৰু হেঁপাহ নাই৷