এজাৰ ফুলা বতৰত......✍ লক্ষী প্ৰসাদ ৰেগন

চালেই মন জুৰোৱা এজাৰ ফুল
এবাৰো নোচোৱাকৈ থাকিব পাৰে কোন
-এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ"
এজাৰ ফুলা বতৰত
এই সুমধুৰ গীতফাঁকি
বাৰে বাৰে মনত দোলা দি যায়,
কোনে বাৰু বেজাৰ কৰিছিল
এজাৰ ফুলা দেখি
হয়, এজাৰ ফুলবোৰ যদিও আটিল নহয়
মিঠা মিঠা ব'হাগ বিদায় দি জেঠৰ পদূলিত
বেদনাবিহীন ভাৱে ফুলি উঠে এজাৰবোৰ
বুকুৰ আপোন হৈ উঠা
বাৰী ঢাপৰ এজাৰ ফুল নতুবা
ৰাস্তাৰ দাঁতিত শাৰীয়ে শাৰীয়ে ফুলি উঠা
এজাৰৰ নিৰ্ভেজাল হাঁহিবোৰ দেখাৰ পিছতো
তুমি যদি বেজাৰ কৰি থাকা
তেন্তে কোন গায়কে বা কোন কবিয়ে স্থিৰে থাকিব
তোমাৰ সেমেকা মনৰ
তিক্তা চাৱনিখিনি বুকুত সাবটি
বৰষুণত তিতিব নিবিচৰা এজাৰ ফুলবোৰ
লুকাব খুজিছিল পাতৰ আঁৰত
দুষ্ট বৰষুণ জাকে তিয়াইহে এৰিলে
আটিল নোহোৱা সুকোমল এজাৰ ফুলৰ মন,
পাৰা যদি এবাৰ হাঁহিবলৈ শিকিবা
মনৰ কথা খুলি কৈ কাৰোবাৰ আপোন হ'বলৈ
চেষ্টা কৰিবা, এজাৰ ফুলা বতৰত-
কাহানিও এজাৰ ফুলা বতৰত মন মাৰি নাথাকিবা
এজাৰ ফুলৰ মনত বেদনাৰ বীজ সিঁচি নিদিবা৷
হাজাৰ বেজাৰৰ সন্ধিক্ষণ যদিও এই
বাৰিষাৰ বতৰ
এজাৰ গছৰ পৰা সৰা নানা ৰঙী মুকুতাৰে
ৰঙীণ হৈ পৰে মনৰ চোতাল
কিয় বেজাৰ কৰি থাকা এজাৰ ফুলা দেখি
এয়া যে এজাৰ ফুলাৰ বতৰ...

ফোনঃ ৮৪৮৬৭৭৩২০২