ভাৰসাম্যতা......✍ দীপিকা দত্ত

কিবা এক অনাকাংক্ষিত বেমেজালিয়ে আগুৰিছে,
চুই চাব পৰা নাই-------
সপোন, দিঠক অথবা বাস্তৱক৷
পলে পলে হেৰুৱাইছোঁ ভাৰসাম্যতা জীয়াই থকাৰ৷

ব্যস্ততাৰ মাজেৰে জুখিব খোজিছো সুখ-দুখৰ দৈন্যতা৷

কোন কাৰ বাবে?
এটি অন্তহীন প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছোঁ,
প্ৰতি দিনেই দেখোন নতুন আয়ত্ত৷

মানৱীয় দৃষ্টিকোণটো ঘূণে ধৰিছে,
মৰমে নেদেখে বাট মৰমৰ----
চোদিশে দেখোঁ "অৰ্থৰ"  বল৷
যাৰ আছে তেওেঁ ৰজা এই পৃথিৱীৰ৷

ভাতৃ- ভগ্নীতো বাদেই,
পিতৃ- মাতৃৰো স্থিৰতা নোহোৱা হ’ল৷
অমানৱীয় ৰূপে চৰম সীমা চেৰাইছে,
তথাপিও কাৰোৰে নাই ভ্ৰূক্ষেপ৷
খবৰ কগজ ভৰি ছপা হ’ল,
পঢ়িল আৰু পাহৰিল৷
মাথোঁঁ এক অনাকাংক্ষিত প্ৰতিচ্ছবি
ভাৰসাম্যহীনতাৰ৷