চকুৰ পতাত এদিন জোনটো সৰি পৰিছিল
মোৰ কোঠালিৰ প্ৰতিখন বেৰত
বিয়পি পৰিছিল তাৰ দেহৰ বৰণ
সলনি কৰি পেলাইছিলো
মোৰ কোঠালিৰ আচবাব
আমি কথা পাতিছিলো
অভিমান কৰিছিলো দুয়ো দুয়োৰে প্ৰতি
দুপৰ ৰাতি আৱেগত উচুপি উঠিছিলো
হাঁহিছিলো একেলগে অকাৰণে
পিচে মই কোনোদিনে নুবুজিলো
জোনে কান্দিছিল নিজানত
আকাশখন হেৰুৱাৰ দুখত..........
ঠিকনাঃ আজাৰা, গুৱাহাটী
মোৰ কোঠালিৰ প্ৰতিখন বেৰত
বিয়পি পৰিছিল তাৰ দেহৰ বৰণ
সলনি কৰি পেলাইছিলো
মোৰ কোঠালিৰ আচবাব
আমি কথা পাতিছিলো
অভিমান কৰিছিলো দুয়ো দুয়োৰে প্ৰতি
দুপৰ ৰাতি আৱেগত উচুপি উঠিছিলো
হাঁহিছিলো একেলগে অকাৰণে
পিচে মই কোনোদিনে নুবুজিলো
জোনে কান্দিছিল নিজানত
আকাশখন হেৰুৱাৰ দুখত..........
ঠিকনাঃ আজাৰা, গুৱাহাটী







