জোনাক নমা এই ঘাটটিত
জিৰাই যাম বুলি আশা কৰিছিলোঁ
দূৰ দিগন্তৰ শুকুলা ডাৱৰে
কৈ গ'ল..
নাৱিকটোৰ ৰ'বলৈ সময়নো ক'ত??
তোৰ বন্দৰ যে অসীমত
হেৰাই যোৱা হাঁহিবোৰে আজিও উচুপাই
তথাপিতো আশা বোৰে
পুনঃ সপোন সজায়,
নাই আৰু নেলাগে
প্ৰেমৰ বিষাদ যন্ত্ৰণাত
লিপ্ত হ'ব নোখোজোঁ মই
সেয়ে আজি মাগিছোঁ বিদায়
চিৰ বিদায়!!
ঠিকনাঃ ডিব্ৰুগড়।
জিৰাই যাম বুলি আশা কৰিছিলোঁ
দূৰ দিগন্তৰ শুকুলা ডাৱৰে
কৈ গ'ল..
নাৱিকটোৰ ৰ'বলৈ সময়নো ক'ত??
তোৰ বন্দৰ যে অসীমত
হেৰাই যোৱা হাঁহিবোৰে আজিও উচুপাই
তথাপিতো আশা বোৰে
পুনঃ সপোন সজায়,
নাই আৰু নেলাগে
প্ৰেমৰ বিষাদ যন্ত্ৰণাত
লিপ্ত হ'ব নোখোজোঁ মই
সেয়ে আজি মাগিছোঁ বিদায়
চিৰ বিদায়!!
ঠিকনাঃ ডিব্ৰুগড়।







