শাওণৰ পথাৰখন......✍ মুনমী সোণোৱাল

শাওণ আহিলেই
পথাৰখন গাভৰু হৈ পৰে,
খৰালিৰ বুকুত
বাৰিষাৰ জোৱাৰ উঠে ।
শাওণ আহিলেই
পথাৰৰ বুকুত
সেউজীয়াৰ সোণগুটি ফুলে ।

শাওণ আহিলেই
কৃষকৰ ওঁ‌ঠত
হেঁ‌পাহৰ হাঁ‌হি বিৰিঙে ।
হেঙুলীয়া ৰহণত
মৌচুমীজনীও
উন্মনা হৈ পৰে ,
শাওণক আদৰিবলৈ ।

শাওণ আহিলেই
হালোৱা, ৰোৱনীৰ দেহত
শ্ৰমৰ উদ্যম উঠে,
বলধকেইটাও
সাজু হৈ উঠে
বোকাৰ সৈতে
মিতিৰালি কৰিবলৈ ।
শাওণ আহিলেই
পুখুৰীৰ দৰিকণা, পুঠিবোৰৰ
পথাৰৰ বুকুত
হেঁ‌পাহৰ উজান উঠে ।

ঠিকনাঃ ডিব্ৰুগড়
দূৰভাষঃ ৭৫৭৮৮৭৬৬৪০