আগেয়ে হোৱাহেঁতেন
তই কলিহেঁতেন
সেই বাটে নাযাবি
যি বাটে মানুহ নাযায়।
আজি সেই দিন নাই অ'
আজিকালি মানুহ নোযোৱা বাটেৰেহে
মানুহ যায়।
আগেয়ে তোৰ কথাত ভৰ আছিল
বুকুত হাত দি ক'ব পাৰিছিলি
'মোৰ হাতৰ মুঠিত মোৰ সময়,
মোৰ তেজ, মোৰ মঙহ '।
হাড়ে-হিমজুৱে জানো তোক
এতিয়া তই বুঢ়া হ'লি
তুচ্ছতাত উৰি যাব তোৰ
বাপতি-সাহোন নীতি ।
এতিয়া কোনে কাৰ কথাত
উঠা-বহা কৰে ?
সকলোৰে আপোন ইচ্ছাত
ধমনীৰ তেজ উঠে নামে ।
তই য'তে আছ ত'তে থাক,
প্ৰাচীন দ্যুতি হৈ ।
তই কলিহেঁতেন
সেই বাটে নাযাবি
যি বাটে মানুহ নাযায়।
আজি সেই দিন নাই অ'
আজিকালি মানুহ নোযোৱা বাটেৰেহে
মানুহ যায়।
আগেয়ে তোৰ কথাত ভৰ আছিল
বুকুত হাত দি ক'ব পাৰিছিলি
'মোৰ হাতৰ মুঠিত মোৰ সময়,
মোৰ তেজ, মোৰ মঙহ '।
হাড়ে-হিমজুৱে জানো তোক
এতিয়া তই বুঢ়া হ'লি
তুচ্ছতাত উৰি যাব তোৰ
বাপতি-সাহোন নীতি ।
এতিয়া কোনে কাৰ কথাত
উঠা-বহা কৰে ?
সকলোৰে আপোন ইচ্ছাত
ধমনীৰ তেজ উঠে নামে ।
তই য'তে আছ ত'তে থাক,
প্ৰাচীন দ্যুতি হৈ ।







