ব্যতিক্ৰমী দৃষ্টিৰে চাওঁ আহকচোন......✍ ধৰ্মেন্দ্ৰ ডেকা

গদ্যও গান হয়
যদি কাণ পাতি শু'না
আন্ধাৰতো পোহৰ আছে
যদি দুচকুৱে চাব জানা।

কষ্টতো আনন্দ আছে
নির্ম্মতাতো মমতা
ছন্দহীনতো ছন্দ আছে
অক্ষমতাতো ক্ষমতা।
যদি ভালদৰে উপলব্ধি কৰা ।

নৈঃশব্দতো শব্দ আছে
আছে শব্দ ব্রহ্ম
নীৰৱতাত ডুবিব জানিলে
বুজে নিজ ধর্ম।
বিচাৰিব জানিলে নিজতে আছে
সমস্ত পৰমাৰ্থ মৰ্ম